উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভমেলা ভাগৱত পাঠৰ ধ্বনিৰে মুখৰ হৈ পৰিছে। কুম্ভমেলাস্থলীৰ ৭ নম্বৰ খণ্ডত স্থাপন কৰা প্ৰাগজ্যোতিষপুৰ ক্ষেত্ৰত ৰাজ্যখনৰ আধ্যাত্মিক সংস্কৃতি আৰু পৰম্পৰাক উপস্থাপনৰ প্ৰয়াসৰ অংশ হিচাপে প্ৰতিষ্ঠা কৰা নামঘৰত কালিৰেপৰা সাতদিনীয়াকৈ অখণ্ড ভাগৱত পাঠ আৰম্ভ হৈছে। ২৭ জানুৱাৰীলৈ পাঠ অব্যাহত অব্যাহত থাকিব। ২৭ জানুৱাৰীৰ পৰা ৰামবিজয় অংকীয়া ভাওনা প্ৰদৰ্শনকে ধৰি সত্ৰ সংস্কৃতিৰ বিভিন্ন কাৰ্যসূচী প্ৰদৰ্শন কৰা হ’ব। কিছুদিনৰ ভিতৰত আউনীআটী, দক্ষিণপাট, কমলাবাৰী, গড়মূৰ আৰু ভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰসকলৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ ১২৮ গৰাকী আধ্যাত্মিক গুৰু প্ৰাগজ্যোতিষপুৰ ক্ষেত্ৰলৈ আহিব। প্ৰাগজ্যোতিষপুৰ ক্ষেত্ৰত নামঘৰৰ প্ৰতিষ্ঠাৰ উপৰি মহাপুৰুষ শংকৰদেৱৰ এটা সুবিশাল প্ৰতিমূৰ্তিও নিৰ্মাণ কৰা হৈছে। ইয়াৰ লগতে উত্তৰ কমলাবাৰী সত্ৰই মুখাশিল্পৰ এখন প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে। একেদৰে প্ৰজ্ঞা ফাউণ্ডেচন নামৰ এটা সংস্থাই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আধ্যাত্মিক সংস্কৃতি, কৃষ্টি-সংস্কৃতি আৰু বৰেণ্য ব্যক্তি সম্পৰ্কীয় এখন প্ৰদৰ্শনীৰ আয়োজন কৰিছে। এই প্ৰদৰ্শনীত মহাপুৰুষ শংকৰদেৱ, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, অম্বিকাগিৰী ৰায়চৌধুৰী, কমলাকান্ত ভট্টাচাৰ্য, ভূপেন হাজৰিকা আদিৰ ছবি, উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ অংগবস্ত্ৰ, উত্তৰ-পূৰ্বাঞ্চলৰ স্বাধীনতা সংগ্ৰামীসকলৰ ছবি তথা বিৱৰণ, সনাতন ধর্মত বৈষ্ণৱ পৰম্পৰা, কীৰ্তন ঘোষা, নামঘোষাৰ চমু পৰিচিতি, প্ৰাচীন কামৰূপৰ ঐতিহাসিক বীৰগাথাৰ সচিত্র বর্ণনা সন্নিবিষ্ট কৰা হৈছে। কুম্ভমেলাত কামাখ্যা মন্দিৰৰ এটা আৰ্হিও নিৰ্মাণ কৰি থকা হৈছে আৰু দুই-এদিনৰ ভিতৰত এই আৰ্হি সম্পূৰ্ণ হৈ উঠিব। ইপিনে, মহাকুম্ভমেলাৰ যমুনা মঞ্চত কালি বিনীতা দেৱীৰ পৰিচালনাত ৰাৱণ বধ নামৰ নাটকখন মঞ্চস্থ কৰা হয়। কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ অধীনৰ সাংস্কৃতিক আৰু গৱেষণা কেন্দ্ৰৰ সহযোগত এই পুতলা নাটখন পৰিৱেশন কৰা হয়৷
Site Admin | January 23, 2025 1:05 PM | kumbhamela-satriya-naam
প্ৰয়াগৰাজৰ কুম্ভমেলাৰ প্ৰাগজ্যোতিষপুৰ ক্ষেত্ৰত স্থাপিত নামঘৰত ৭ দিনীয়াকৈ অখণ্ড ভাগৱত পাঠ আৰম্ভ