প্রথিতযশা শিল্পী, অভিনেতা, পৰিচালক আৰু নাট্যকাৰ কুলদা কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান

 প্রথিতযশা শিল্পী, অভিনেতা, পৰিচালক আৰু নাট্যকাৰ কুলদা কুমাৰ ভট্টাচাৰ্যৰ কালি ৯১ বছৰ বয়সত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। তেওঁ যোৱা কেইবাদিনো ধৰি চিকিৎসাধীন হৈ আছিল। অসমৰ চলচ্চিত্ৰ তথা নাট্য ক্ষেত্ৰলৈ অনবদ্য বৰঙণি আগবঢ়াই যোৱা ভট্টাচাৰ্যই গুৱাহাটী অনাতাঁৰ কেন্দ্ৰযোগে প্ৰচাৰিত নাট পৰশুৰামৰ অভিনয়ৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰিছিল। একাধাৰে অভিনেতা, পৰিচালক তথা অনাতাঁৰশিল্পী কুলদা কুমাৰ ভট্টাচাৰ্যৰ ১৯৩৩ চনৰ ১৮ আগষ্টত গুৱাহাটীত জন্ম হৈছিল। কালিপ্রসন্ন ভট্টাচাৰ্য আৰু কমলা দেৱীৰ তৃতীয় সন্তান কুলদা কুমাৰ ভট্টাচাৰ্যই ১৯৪৬ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত কটন কলেজৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। পাছত তেওঁ লণ্ডন আৰু জাৰ্মানীত মঞ্চকলা, অভিনয় আৰু টেলিভিছন বিষয়তো শিক্ষাগ্ৰহণ কৰিছিল। ১৯৬২ চনত ভট্টাচাৰ্যই আকাশবাণী গুৱাহাটীৰ নাট শাখাৰ কাৰ্যবাহী প্রযোজক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। তেওঁ লগতে ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচিত্ৰ আৰু টেলিভিছন প্রতিষ্ঠান চমুকৈ জ্যোতিচিত্ৰবনৰ প্ৰতিষ্ঠাপক সঞ্চালকো আছিল। তেওঁ আহাৰ, ৰক্তকৰবী, শ্রীনিবাৰণ ভট্টাচার্য, নতুন ইহুদি আদিত অভিনয় কৰাৰ লগতে মাটিৰ গাড়ী, সৰাগুৰি চাপৰি, বাঘজাল, অথেলআদি নাট পৰিচালনা কৰিছে। ৩৫ খনতকৈ অধিক তথ্যচিত্র আৰু চুটি ছবি নিৰ্মাণ কৰা ভট্টাচাৰ্যই শ্রেষ্ঠ ধাৰাভাষ্যকাৰৰ ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাৰ লগতে বিভিন্ন বঁটা লাভ কৰিছে। এই সন্দৰ্ভত বিশিষ্ট নাট্যকর্মী নয়ন প্রসাদে কয় যে- বাইট আজি তেওঁৰ নশ্বৰদেহ সমলয় সূৰ্য্য ক্লাৱত শ্ৰদ্ধাঞ্জলি যাচিবৰ বাবে ৰখা হব। গুণমুগ্ধসকলে দিনৰ চাৰে দহ বজাৰ পৰা এক বজালৈ তেওঁলৈ শ্ৰদ্ধা জ্ঞাপন কৰিব পাৰিব। ইয়াৰ পাছতেই ইলোৰা বিজ্ঞান মঞ্চই তেওঁৰ দেহ সংগ্ৰহ কৰিব। প্ৰয়াত শিল্পীগৰাকীয়ে ইলোৰা বিজ্ঞান মঞ্চলৈ তেওঁৰ দেহ দান কৰি গৈছে। শিল্পীগৰাকীৰ বিয়োগত কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা, মন্ত্রী অশোক সিংহালৰ লগতে বিভিন্ন দল সংগঠনে শোক প্রকাশ কৰিছে।