December 6, 2025 12:21 PM | Kokorajhar

printer

কোকৰাঝাৰত ২৫ সংখ্যক বড়োলেণ্ড ছহিদ গ’ল্ড কাপ ফুটবল চেম্পিয়নশ্বিপ আৰম্ভ

কোকৰাঝাৰ জিলা ক্রীড়া সন্থাৰ খেল পথাৰত কালি সন্ধিয়া ২৫ সংখ্যক বড়োলেণ্ড ছহিদ গ’ল্ড কাপ ফুটবল চেম্পিয়নশ্বিপ আৰম্ভ হয়। বি টি চিৰ কাৰ্যবাহী সদস্য দেবহাছাৎ বসুমতাৰীয়ে প্রতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। কালিৰ উদ্বোধনী খেলত বিজনীৰ ফেৰেংগা ফুটবল ক্লাৱে কচুগাঁৱৰ বৰদ্বি চিখলা স্পর্টছ ক্লাবক ৩-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। ফেৰেংগা এফ চি চিমাং ব্ৰহ্মক প্লেয়াৰ অৱ দা মেচ ঘোষণা কৰা হয়। বড়ো আন্দোলনৰ সময়ত জীৱন উৎসৰ্গা কৰা ছহিদসকলৰ স্মৃতিত প্ৰতিবছৰে এই ফুটবল প্রতিযোগিতাৰ আয়োজন কৰা হয়। প্রতিযোগিতাত বিজয়ী দলটোক ট্ৰফীসহ ১ লাখ টকা আৰু ৰানাৰ্ছ আপ দলটোক ৫০ হাজাৰ টকা প্ৰদান কৰা হ’ব।