কোকৰাঝাৰ আৰু ছালাকাটি ষ্টেচনৰ মাজৰ ৰেলপথত যোৱা নিশা বোমা বিস্ফোৰণৰ ফলত ক্ষতিগ্ৰস্ত পথছোৱাৰে ৰেল চলাচল আজি পুনৰ আৰম্ভ হৈছে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে আজি ঘটনা স্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে অঞ্চলটোত সুৰক্ষা ব্যৱস্থাৰ পৰ্যালোচনাৰ বাবে শীৰ্ষ আৰক্ষী বিষয়া আৰু ৰেলৱে সুৰক্ষা বাহিনীৰ বিষয়াৰ সৈতে বৈঠকত মিলিত হয়। শ্রীসিঙে ইয়াৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত কয়, যে ঘটনা সন্দৰ্ভত কিছু তথ্য লাভ কৰা হৈছে আৰু তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে।
উল্লেখযোগ্য যে কোকৰাঝাৰৰ পৰা প্ৰায় ৫ কিলোমিটাৰ নিলগৰ এই ৰে’লপথছোৱাত যোৱা নিশা এটা শক্তিশালী আই ই ডি বিস্ফোৰণৰ ফলত ৰে’ল পথছোৱাৰ প্ৰায় ৩ ফুট ক্ষতিগ্রস্ত হয়। যুদ্ধকালীন ক্ষীপ্ৰতাৰে ৰেলপথছোৱা মেৰামতিৰ লগতে তন্ন তন্নকৈ সুৰক্ষা ব্যৱস্থা পৰীক্ষাৰ পাছত আজি পুনৰ এই পথেৰে সাময়িকভাৱে বন্ধ কৰা ৰে’লসমূহৰ চলাচল আৰম্ভ হয়।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই ঘটনা সন্দৰ্ভত সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এই সংক্রান্তত এজন লোকক অসম আৰক্ষীয়ে চিনাক্ত কৰিছে বুলি প্ৰকাশ কৰে। পূৱ কোকৰাঝাৰৰ বিধায়ক লৰেন্স ইছলাৰীয়েও আজি দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি বড়োলেণ্ডৰ শান্তি সম্প্রীতি বিঘ্নিত কৰিব বিচৰা দুৰ্বৃত্তক শীঘ্ৰে চিনাক্ত কৰি উলিয়াবলৈ আহ্বান জনায় ।