কোকৰাঝাৰ জিলাৰ হৰিণাগুৰিৰ বাওখুংগ্ৰী পাহাৰত আজিৰ পৰা তিনিদিনীয়াকৈ দ্বাদশ বাওখুংগ্রী মহোৎসৱ অনুষ্ঠিত হৈছে। বিটিআৰৰ পৰ্যটন বিভাগে আজি চাইক্লিং প্রতিযোগিতাৰে এই মহোৎসৱৰ শুভাৰম্ভ কৰে। বিটিচিৰ ক্ৰীড়া বিভাগৰ কাৰ্যবাহী সদস্য দাওবৈচা বড়ো আৰু কোকৰাঝাৰ পৌৰ বোৰ্ডৰ অধ্যক্ষ প্রতিভা ব্ৰহ্মই এই প্রতিযোগিতাৰ শুভাৰম্ভ কৰে। ইয়াৰ পাছতে মূল প্ৰৱেশদ্বাৰ উন্মোচন, পতাকা উত্তোলন আৰু বড়ো জনগোষ্ঠীৰ থলুৱা খেল ধেমালিসমূহ অনুষ্ঠিত হয়। ৩ দিনীয়া এই মহোৎসৱৰ অংশ হিচাপে পাহাৰ বগোৱা, চাইক্লিং, পেৰাগ্লাইদিং, এয়াৰ বেলুন উৰুৱা, খাদ্য মহোৎসৱ আৰু সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে বড়ো জনগোষ্ঠীৰ নৱবৰ্ষৰ উৎসৱ বৈশাগু বা ৰঙালী বিহুৰ পূৰ্বে জনগোষ্ঠীটোৱে এই বাওখুংগ্ৰী পাহাৰ বগোৱা উৎসৱৰ আয়োজন কৰে। পৰম্পৰাগত বিশ্বাস অনুসৰি এই পাহাৰ বগাই শীৰ্ষলৈ গৈ ইষ্ট দেৱতাৰ আৰাধনা কৰাৰ দ্বাৰা বছৰটোলৈ অসুখ, অশান্তি, আৰু দুৰ্ভাগ্য নাশ হয়। ২০১৩ চনৰ পৰা বিটিচিৰ পৰ্যটন বিভাগে এই উৎসৱৰ আয়োজন কৰি ইয়াৰ অংশ হিচাপে দুঃসাহসিক ক্রীড়া প্রতিযোগিতা অনুষ্ঠিত কৰি আহিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এটা বাৰ্তাযোগে এই উৎসৱৰ সফলতা কামনা কৰিছে। সংস্কৃতি আৰু পৰম্পৰাৰে সমৃদ্ধ এই মহোৎসৱত ড° শৰ্মাই সকলোৰে সহযোগিতা আৰু অংশগ্রহণ কামনা কৰে৷
Site Admin | April 12, 2025 8:49 PM | kokrajhar baokhunggry
কোকৰাঝাৰৰ হৰিণাগুৰিৰ বাওখুংগ্ৰী পাহাৰত তিনিদিনীয়াকৈ দ্বাদশ বাওখুংগ্রী মহোৎসৱ
