কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ গৌৰীনগৰৰ পৰিস্থিতি ক্ৰমাৎ সুস্থিৰ হৈছে। বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত এটা সর্বদলীয় প্রতিনিধিৰ দলে আজি পুৱা জিলাখনৰ আশ্রয় শিৱিৰসমূহ পৰিদৰ্শন কৰি শিৱিৰত থকা লোকসকলৰ অৱস্থাৰ বুজ লয়। দলটোত বিধায়ক লৰেঞ্চ ইছলাৰী আৰু বি টি চিৰ কেইবাগৰাকীও কার্যবাহী সদস্য আছিল। জিলাখনত সেনা বাহিনীৰ কটকটীয়া বেষ্টনীৰ মাজত কাৰিগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ চলাচল অব্যাহত আছে। মন্ত্রী জয়ন্ত মল্লবৰুৱাই আজি চিৰাঙত সাংবাদিকৰ আগত কয়, যে তেওঁ বিভিন্ন নাগৰিক সংগঠনসমূহৰ সৈতে কালি কথা-বতৰা পাতি পৰিস্থিতি সুস্থিৰ কৰি ৰখাৰ বাবে আহ্বান জনাইছে। বিগত এদিনত জিলাখনত কোনো ধৰণৰ অপ্রীতিকৰ ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা হোৱা নাই বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে আশ্রয় শিবিৰসমূহত থকা অধিকাংশ লোকে আজিৰ ভিতৰত নিজ নিজ বাসগৃহলৈ উভতি গৈছে বুলি জানিবলৈ দিয়ে।
অঞ্চলটো পৰিদৰ্শন কৰি অসম আৰক্ষীৰ আইন-শৃংখলা শাখাৰ মহাপৰিদৰ্শক অখিলেশ সিঙে শিবিৰত থকা লোকসকলক কোনো সংশয় অবিহনে নিজ বাসগৃহলৈ উভতি যাবলৈ আহ্বান জনাইছিল। তেওঁ পৰিস্থিতি স্বাভাবিক হোৱা বুলি দাবী কৰি জিলাখনত পর্যাপ্ত নিৰাপত্তা বাহিনী সষ্টম হৈ থকা বুলিও ৰাইজক আশ্বস্ত কৰে। সংবাদ মাধ্যমৰ আগত শ্রীসিঙে কয়, যে এই ঘটনা সন্দর্ভত ১৯ জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে ২০ জানুৱাৰীৰ বিক্ষিপ্ত ঘটনাত জড়িত তিনিজনক আটক কৰা হৈছে। স্বাস্থ্য মন্ত্রী অশোক সিংহলে কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ কোকৰাঝাৰৰ ঘটনাত আহত লোকসকলৰ স্বাস্থ্য আৰু চিকিৎসা ব্যবস্থাৰ বুজ লয়। তেওঁলোকক বিনামূলীয়াকৈ সকলো চিকিৎসা প্রদান কৰা হ‘ব বুলি তেওঁ উল্লেখ কৰে।