August 20, 2024 8:07 PM | Kokorajhar

printer

ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ সৈতে সংগতি ৰাখি কোকৰাঝাৰ জিলাৰ তাৰকাগৃহ আৰু বিজ্ঞান কেন্দ্ৰ মুকলি

ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ সৈতে সংগতি ৰাখি কোকৰাঝাৰ জিলাৰ তাৰকাগৃহ আৰু বিজ্ঞান কেন্দ্ৰটো আজি মুকলি কৰা হয়। ৪ বছৰ ধৰি বিকল হৈ থকা কেন্দ্ৰটো বিধায়ক লৰেন্স ইছলাৰীয়ে উদ্বোধন কৰে। এতিয়াৰে পৰা বড়োলেণ্ডৰ ছাত্ৰ-ছাত্ৰীসকলে সহজে সৌৰজগত তাৰকামণ্ডলসহ জ্যোতির্বিজ্ঞানৰ তথ্যসমূহ লাভ কৰিব। উল্লেখযোগ্য যে ২০২০ চনৰ ১০ ফ্ৰেব্ৰুৱাৰীত তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰটো উদ্বোধন কৰিছিল। উদ্বোধনৰ কিছুদিন পাছতেই কৰণা মহামাৰীৰ বাবে কেন্দ্ৰটো বন্ধ হৈ পৰিছিল ৷ ইয়াৰ পাছতে প্রধান প্রমোদ বড়ো নেতৃত্বাধীন বিটিআৰ চৰকাৰে কেন্দ্ৰটো পুনৰুজ্জীৱিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰে ৷