December 6, 2025 11:40 AM | Kohima

printer

কোহিমাত ভার্চুৱেল ব্যৱস্থাৰে বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন জ্যোতিৰাদিত্য সিন্ধিয়াৰ

ড’নাৰ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই কালি কোহিমাত ভার্চুৱেল ব্যৱস্থাৰে বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে ২০২ কোটি টকা ব্যয়সাপেক্ষ ৫টা প্রকল্পৰ উদ্বোধন আৰু ৪৪৩ কোটি টকা ব্যয় সাপেক্ষ ১১টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। তিনিদিনীয়া ভ্রমণসূচীৰে নাগালেণ্ডলৈ অহা মন্ত্ৰীগৰাকীয়ে কালি হর্নবিল মহোৎসৱৰ অংশ হিচাপে ৰাজ্যখনৰ টুঅ’ফেমা গাঁৱত আংগামী নগাসকলৰ পৰম্পৰাগত কাৰ্যসূচীত অংশ লয়।শ্রীসিন্ধিয়াই প্রকল্পসমূহ উদ্বোধন কৰি কয়, যে উত্তৰ-পূৰ্বাঞ্চলত কৌশলগত যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্রুতিবদ্ধতাৰ অংশ হিচাপে গুৰুত্বপূৰ্ণ পথ কৰিড’ৰ আৰু মূল পথেৰে বিমান বন্দৰলৈ যোগাযোগ ব্যবস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰূপান্তৰকৰণৰ দৰ্শনৰ কথা উল্লেখ কৰি শ্ৰী সিন্ধিয়াই কয়, যে এই ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীসকলৰ সহযোগিতাত কেন্দ্ৰীয় চৰকাৰে অষ্টলক্ষ্মী দৃষ্টিভংগীৰ প্ৰসাৰৰ বাবে অভিলাষী ব্যবস্থা গ্ৰহণ কৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ সামুহিক উন্নয়নৰ ৰূপৰেখা প্রস্তুতৰ বাবে মুখ্যমন্ত্রী সকলৰ অধ্যক্ষতাত ৮টা উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনী গঠন কৰা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

       শ্রীসিন্ধিয়াই প্রকল্পসমূহ উদ্বোধন কৰি কয়, যে উত্তৰ-পূৰ্বাঞ্চলত কৌশলগত যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্রুতিবদ্ধতাৰ অংশ হিচাপে গুৰুত্বপূৰ্ণ পথ কৰিড’ৰ আৰু মূল পথেৰে বিমান বন্দৰলৈ যোগাযোগ ব্যবস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰূপান্তৰকৰণৰ দৰ্শনৰ কথা উল্লেখ কৰি শ্ৰী সিন্ধিয়াই কয়, যে এই ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীসকলৰ সহযোগিতাত কেন্দ্ৰীয় চৰকাৰে অষ্টলক্ষ্মী দৃষ্টিভংগীৰ প্ৰসাৰৰ বাবে অভিলাষী ব্যবস্থা গ্ৰহণ কৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ সামুহিক উন্নয়নৰ ৰূপৰেখা প্রস্তুতৰ বাবে মুখ্যমন্ত্রী সকলৰ অধ্যক্ষতাত ৮টা উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনী গঠন কৰা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।