ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 3, 2025 12:40 PM | Koch raja

printer

কোচ ৰজাৰ হাউলীত ঐতিহাসিক দৰ পূজা অনুষ্ঠিত

দৰং জিলাৰ মঙলদৈৰ কোচ ৰজাৰ হাউলীত বিজয়া দশমীৰ মাংগলিক পৰ্বৰ অন্তত ঐতিহাসিক দৰ পূজা অনুষ্ঠিত হয়। কোচ ৰজাৰ ৩ খন হাউলীৰ ভিতৰত একমাত্র মোহনপুৰ হাউলীত ৪০০তকৈও অধিক বছৰীয়া পৰম্পৰা আৰু ধৰ্মীয় ৰীতি-নীতিৰে এইবাৰো এই পূজা পালন কৰা হয়। এই পূজাত যুদ্ধত ব্যৱহাৰ হোৱা ধাতুৰে নিৰ্মিত অস্ত্ৰ- শস্ত্ৰসমূহৰ লগতে ৰাজ মুকুট, বিজয় মাৰীৰ মূৰৰ টুপী আদি স্থাপন কৰি শক্তি সঞ্চাৰ আৰু যুদ্ধ জয়ৰ বাবে প্ৰাৰ্থনা কৰা হয়। সম্প্ৰতি নিৰাপত্তাজনিত কাৰণত এই পূজাত অস্ত্ৰ-শস্ত্ৰ প্ৰতীকি ব্যৱহাৰ কৰিহে পূজা কৰা হয়।