November 8, 2024 12:29 PM | Kiron gorge

printer

কিৰণ জৰ্জ কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলৰ ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতৰ কিৰণ জৰ্জ আজি ইক্সান চহৰত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। জর্জে পুৱা অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত জাপানৰ টাকুমা ওবায়াছিক ২১-১৪, ২১-১৬ পোনপটীয়া ছেটত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে জর্জে প্রি-কোৱাৰ্টাৰ ফাইনেলত টাইৱানৰ চি য়ু জেনক ২১-১৭, ১৯-২১, ২১–১৭ গেমত কালি পৰাস্ত কৰিছিল। কিৰণ জৰ্জ প্রতিযোগিতাত অংশগ্ৰহণ কৰা একমাত্ৰ ভাৰতীয় খেলুৱৈ।