কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে জনাইছে, যে ২০২৬ বৰ্ষৰ হজ যাত্ৰাৰ বাবে কৰিবলগীয়া আবেদনসমূহ চৰকাৰে অহা সপ্তাহৰ পৰা গ্ৰহণ কৰাৰ ব্যৱস্থা কৰিছে। নতুন দিল্লীত অনুষ্ঠিত হজ পর্যালোচনাৰ এখন সভাত উপস্থিত থকাৰ পাছতে মন্ত্ৰীজনে এখন সংবাদ মেল সম্বোধন কৰি আবেদনকাৰীসকলক নিৰ্দিষ্ট সময়ৰ ভিতৰত প্ৰয়োজনীয় নথিপত্ৰসমূহ জমা দিবলৈ অনুৰোধ জনায়। তেওঁ লগতে আবেদনকাৰীসকলৰ পৰা জমা হোৱা ধনৰাশি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত চৌদি আৰৱ চৰকাৰৰ ওচৰত জমা দিবলৈ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে ৬৫ বছৰৰ ওপৰৰ তীৰ্থযাত্ৰীসকলৰ লগত একোজনকৈ সহযাত্ৰীয়ে তেওঁক লগ দিয়াটো বাধ্যতামূলক কৰি দিছে। তেওঁ মহিলা আৰু পুৰুষ তীর্থযাত্ৰীসকলৰ থকাৰ বাবে সুকীয়া ব্যৱস্থা কৰাৰ বাবে কৰা অনুৰোধৰ ওপৰত চিন্তা-চৰ্চা কৰি থকা বুলিও জানিবলৈ দিয়ে। মন্ত্রী ৰিজিজুৱে কয়, যে দেশৰ হজ যাত্ৰাৰ ইতিহাসত ২০২৫ বৰ্ষৰ এই চৰকাৰে পৰিচালনা কৰা হজৰ যাত্ৰা আছিল সর্বোত্তম। যোৱা বছৰৰ ২২০জন ব্যক্তিৰ মৃত্যুৰ বিপৰীতে এই বছৰৰ হজযাত্ৰাত হোৱা হজযাত্ৰীৰ মৃত্যুৰ হাৰ ৬৪জনলৈ হ্ৰাস পাইছে। মন্ত্ৰী ৰিজিজুৱে ২০২৫ বৰ্ষৰ এই সফলতাৰ আঁৰত সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, অসামৰিক বিমান পৰিবহন আৰু স্বাস্থ্য মন্ত্ৰালয়ৰ বিষয়াসকলে আগবঢ়োৱা প্ৰচেষ্টাৰো শলাগ লয়।
Site Admin | July 4, 2025 8:14 PM | Kiren Rijiju
অহা সপ্তাহৰ পৰা হজ যাত্ৰাৰ বাবে কৰিবলগীয়া আবেদনসমূহ গ্ৰহণ কৰাৰ ব্যৱস্থা চৰকাৰৰ
