ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 10, 2025 1:04 PM | Khelo India

printer

খেলো ইণ্ডিয়া শীতকালীন ক্রীড়াই এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ উদ্যমক প্রতিফলিত কৰা বুলি মনোজ সিনহাৰ মন্তব্য

জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই খেলো ইণ্ডিয়া শীতকালীন ক্রীড়াই এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ উদ্যমক প্রতিফলিত কৰা বুলি মন্তব্য কৰিছে। তেওঁ কয়, যে পৰ্যটনৰ বাবে বিশ্ব প্ৰসিদ্ধ গুলমার্গক শীতকালীন ক্রীড়াৰ নগৰ হিচাপে বিকশাই তোলা হৈছে।

কালি সন্ধিয়া উত্তৰ কাশ্মীৰৰ বাৰমুল্লা জিলাৰ গুলমার্গত খেলো ইণ্ডিয়া শীতকালীন ক্রীড়া ২০২৫ৰ পঞ্চম সংস্কৰণ উদ্বোধন কৰে। তেওঁ কয়, যে ক্রীড়াই জনসাধাৰণৰ মাজত ভাতৃত্ববোধ, ক্রীড়াসুলভ মানসিকতা গঢ়ি তোলাৰ উপৰিও শান্তি, সম্প্ৰীতি আৰু একতাৰ ভাৱো জগাই তোলে।

উপ-ৰাজ্যপাল শ্রীসিনহাই জম্মু-কাশ্মীৰত বিশ্বমানৰ ক্ৰীড়া পৰিকাঠামো আৰু ক্ৰীড়া সংস্কৃতি গঢ়ি তোলাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰ্যালয়, জম্মু-কাশ্মীৰৰ ক্রীড়া বিভাগ, ক্রীড়া পৰিষদ আৰু অংশীদাৰীসকললৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয়, যে খেলো ইণ্ডিয়া শীতকালীন ক্রীড়াৰ পূৰ্বৰ সংস্কৰণসমূহৰ সফলতাৰ পাছত জম্মু-কাশ্মীৰ বৰ্তমান ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্রীড়াসমূহৰ কেন্দ্ৰ হৈ পৰিছে।