ডাউনলোড
মোবাইল এপ

android apple
signal

May 20, 2025 12:52 PM | Khelo India

printer

খেলো ইণ্ডিয়া বিচ গেমছ ক্রীড়া প্রতিযোগিতাৰ উদ্বোধনী সংস্কৰণ মুকলি

কেন্দ্রীয় ক্রীড়ামন্ত্রী মনসুখ মন্দাভিয়াই কালি বিয়লি ডিউত আয়োজিত এটা বর্ণিল অনুষ্ঠানত খেলো ইণ্ডিয়া বিচ গেমছ ক্রীড়া প্রতিযোগিতাৰ উদ্বোধনী সংস্কৰণ মুকলি কৰে। উদ্বোধনী অনুষ্ঠানত বিভিন্ন পৰম্পৰাগত নৃত্যৰ জৰিয়তে দেশৰ চহকী সাংস্কৃতিক বৈচিত্র্য প্ৰকাশ কৰা হয়। অনুষ্ঠানত শ্ৰীমন্দাভিয়াই ২০৪৭ চনৰ ভিতৰত ক্ৰীড়া মহাশক্তি হিচাপে দেশক গঢ় দিয়াৰ প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ প্ৰকাশ কৰে।

প্রতিযোগিতা ৩০ খনতকৈও অধিক ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ পৰা এহেজাৰ ৩৫০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে ।

ইপিনে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ক্রীড়া প্রতিযোগিতাখনত দেশৰ ক্ৰীড়া ইতিহাসৰ ঐতিহাসিক মুহূর্ত হিচাপে আখ্যা দিছে। দেশৰ ক্ৰীড়া ক্ষেত্ৰত এই প্রতিযোগিতাখনিয়ে নতুন টৌৰ সৃষ্টি কৰিব বুলি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে আয়োজকসকললৈ অভিনন্দন জ্ঞাপন কৰাৰ লগতে প্ৰতিযোগিতাখনৰ সাফল্যৰ বাবে তেওঁৰ শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, যে ভাৰতৰ নিচিনা এখন বৈচিত্র্যপূর্ণ দেশত ভিন্ন সংস্কৃতি, অঞ্চল আৰু ভাষাসমূহক এক কৰি ৰখাৰ ক্ষেত্ৰত ক্রীড়াই সদায়েই বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে।

অধিক পঢ়ক

সকলো চাওক