February 8, 2025 8:47 PM | khel maharon assam

printer

ৰাজ্যৰ কেইবাখনো জিলাত খেল মহাৰণৰ দ্ৱিতীয় পৰ্যায়ৰ প্ৰতিযোগিতা আৰম্ভ

খেল মহাৰণ দ্বিতীয় পৰ্যায়ত শোণিতপুৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ আজি তেজপুৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আৰম্ভ হয়।

তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই এই প্রতিযোগিতাৰ আনুষ্ঠানিক উদ্বোধন কৰে। এই অনুষ্ঠানত জিলা আয়ুক্ত অংকুৰ ভৰালীও উপস্থিত থাকে। জিলা আয়ুক্তগৰাকীয়ে ভাষণ প্ৰসংগত কয়, যে খেল মহাৰণৰ মঞ্চৰ জৰিয়তে অসম চৰকাৰে স্থানীয় প্ৰতিভাসম্পন্ন খেলুৱৈসকলক সুযোগ দিব বিচাৰিছে। তেওঁ গাঁও পঞ্চায়ত আৰু বিধানসভা সমষ্টি স্তৰৰ খেলসমূহ সফলভাৱে সম্পন্ন হোৱা বাবে আয়োজকসকলক প্ৰশংসা কৰে। উদ্বোধনী অনুষ্ঠানত অসমৰ প্ৰথম মহিলা নাৱিক তথা ৱিণ্ডছার্ফিং আৰু কাইট ব’ডিঙৰ পদকবিজয়ী নিশামণি বৰা আৰু আন্তঃৰাষ্ট্ৰীয় লনবল খেলুৱৈ তানিয়া চৌধুৰী উপস্থিত থাকে। আজি আৰম্ভ হোৱা এই প্ৰতিযোগিতা অহা ১০ ফেব্ৰুৱাৰীত সামৰণি পৰিব। এইবাৰৰ প্ৰতিযোগিতাত জিলাখনৰ প্ৰায় এহেজাৰ ২০০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণৰ সম্ভাৱনা আছে।

গোৱালপাৰা জিলাতো আজি খেল মহাৰণ দ্বিতীয় পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় । জিলা পৰ্যায়ৰ এই প্ৰতিযোগিতা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই শুভাৰম্ভ কৰে।

দৰং জিলাৰ ছিপাঝাৰতো আজি খেল মহাৰণ দ্বিতীয় পৰ্যায়ৰ জিলাভিত্তিক প্রতিযোগিতাসমূহ আৰম্ভ হৈছে। খেল মহাৰণত প্ৰথমবাৰৰ বাবে সংযোজিত সাঁতোৰ প্ৰতিযোগিতাত জিলাখনৰ অর্ধশতাধিক প্রতিযোগীয়ে অংশগ্রহণ কৰে। আজিৰ অনুষ্ঠানত ছিপাঝাৰৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীৰ লগতে জিলা পৰ্যায়ৰ বিষয়াসকল উপস্থিত থাকে ৷

অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত আয়োজিত খেল মহাৰণ দ্বিতীয় পৰ্যায়ৰ জিলাভিত্তিক প্রতিযোগিতাসমূহ আজি বঙাইগাঁও জিলাতো আৰম্ভ হয়। বঙাইগাঁও সমষ্টিৰ বিধায়িকা দীপ্তিময়ী চৌধুৰীয়ে প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত জিলা আয়ুক্ত নৱদীপ পাঠক, জিলা উন্নয়ন আয়ুক্ত, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক, জিলা ক্রীড়া বিষয়াসকলৰ লগতে বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে। উল্লেখযোগ্য যে বঙাইগাঁও জিলাৰ তিনিখন বিধানসভা সমষ্টিৰ ক্ৰমে বঙাইগাঁও, অভয়াপুৰী আৰু সৃজনগ্ৰামৰ পৰা প্রায় ৭০০ গৰাকী খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।

গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আজি কামৰূপ মহানগৰ জিলাৰ খেল মহাৰণৰ জিলা পৰ্যায়ৰ প্রতিযোগিতাসমূহ অনুষ্ঠিত হয়। দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই প্ৰতিযোগিতা উদ্বোধন কৰি কয়, যে নৱপ্ৰজন্মই একাগ্ৰতা আৰু নিষ্ঠাৰে খেল মহাৰণত ভাগ লৈ নিজৰ জিলাখনক শ্ৰেষ্ঠ হিচাপে প্ৰতিষ্ঠা কৰিব পাৰে । অনুষ্ঠানত কামৰূপ মহানগৰৰ অন্তৰ্গত এছ এফ এছ আৰু জে এন ভি বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে বেণ্ড আৰু মাৰ্চপাষ্ট প্ৰদৰ্শন কৰে। আজিৰ অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্তৰ লগতে জিলা প্ৰশাসনৰ বহুসংখ্যক বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।