July 11, 2025 7:48 PM

printer

কেন্দ্ৰীয় চৰকাৰৰ সমবায় মন্ত্ৰালয়ৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন

কেন্দ্ৰীয় চৰকাৰৰ সমবায় মন্ত্ৰালয়ৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি গুৱাহাটীৰ খানাপাৰাত থকা কৃষক প্রশিক্ষণ কেন্দ্ৰত পালন কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে মন্ত্রী যোগেন মহনে ভাগ লৈ সমবায়ৰ যোগে ৰাজ্যখনৰ উদ্যমী ব্যক্তিসকলক জীৱন আৰু জীৱিকাৰ সন্ধান দিয়াৰ বাবে দায়বদ্ধ হৈ দৃঢ়তাৰে কাম কৰিবলৈ বিভাগৰ সকলো বিষয়া-কৰ্মচাৰীক আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে লগতে কয়, যে কেন্দ্রীয় সমবাশ মন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সমবায় বিভাগটোৰ যথেষ্ট আগবাঢ়ি গৈছে। কেন্দ্ৰীয় চৰকাৰে বান্ধি দিয়া কেতবোৰ লক্ষ্য বিভাগটোৱে অতিক্ৰম কৰিবলৈ সমৰ্থ হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মন্ত্ৰী মহনে নগাঁও আৰু কামৰূপ মহানগৰ জিলাত দুখন মহিলা সমবায় বজাৰ গঢ়ি তোলাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও প্ৰকাশ কৰে। নলবাৰীত এটা মৰাপাট কল স্থাপনৰ বাবে ১৫০ কোটি টকাৰ প্ৰকল্প গ্রহণ কৰাৰ লগতে খেতি-পথাৰৰ মাটিৰ গুণাগুন ঘূৰাই অনাৰ বাবে কেঁচু সাৰ উৎপাদনৰ ক্ষেত্ৰতো গুৰুত্ব দিয়া হৈছে বুলি মন্ত্রী মহনে কয়। আজি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত সমবায় বিভাগৰ সচিব অনন্ত জ্ঞানী, নাবাৰ্ডৰ মুখ্য মহা প্ৰবন্ধককে ধৰি বিভিন্ন ক্ষেত্ৰৰ পৰা অহা প্ৰতিনিধিবর্গ উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।