ডাউনলোড
মোবাইল এপ

android apple
signal

August 19, 2025 8:17 PM | Khanapara

printer

ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানত আজি ৫ দিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ

গুৱাহাটীৰ খানাপাৰাৰ ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানত আজি ৰাজ্যখনৰ ২৭খন জিলা পৰিষদৰ নৱ নিৰ্বাচিত সভাপতি আৰু সভানেত্ৰীসকলৰ ৫ দিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসে এই প্ৰশিক্ষণৰ শুভাৰম্ভ কৰি নৱ নিৰ্বাচিত সভাপতি তথা সভানেত্রীসকলক সততা, দায়বদ্ধতা আৰু নিষ্ঠা বজাই ৰাখি গ্ৰামাঞ্চলৰ ৰাইজৰ বাবে সেৱা আগবঢ়াবলৈ আহ্বান জনায়। ইয়াৰ লগতে পঞ্চায়ত এলেকাত বিভাগীয় আঁচনিসমূহৰ ৰূপায়ন প্ৰক্ৰিয়া আৰু এই ক্ষেত্ৰত থকা নিয়মাৱলীসমূহ খৰচি মাৰি বুজি ল’বলৈ তেওঁ সকলোকে আহ্বান জনায়। উল্লেখযোগ্য যে, ২৩ আগষ্টলৈ চলিবলগীয়া এই প্রশিক্ষণকালত নৱ নিৰ্বাচিত সভাপতি আৰু সভানেত্ৰীসকলক তেওঁলোকৰ পদবীৰ দায়িত্ব আৰু বিধি ব্যৱস্থাৰ সম্পৰ্কে প্ৰশিক্ষণ প্ৰদান কৰা হ’ব ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।