৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূৰ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱানৰ সভাপতিত্বত খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত কালি এখন সভা অনুষ্ঠিত হয়। সভাত আৰক্ষী বিষয়া, সামৰিক আৰু অৰ্ধসামৰিক বাহনীৰ বিষয়াকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকলে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্ততিৰ বিষয়ে আলোচনা কৰে।
ইপিনে কামৰূপ জিলা প্ৰশাসনে স্বাধীনতা দিৱসৰ পূৰ্ণ প্ৰস্তুতি গ্ৰহণ কৰিছে। আমিনগাঁৱৰ ৰেলৱে খেলপথাৰত হ’বলগীয়া স্বাধীনতা দিৱসৰ পেৰেডত অসম আৰক্ষীৰ তিনিশ জোৱানৰ উপৰি জিলাখনৰ ভালেকেইখন বিদ্যালয়ৰ শিক্ষাৰ্থী তথা ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কেডাৰসকলে অংশগ্ৰহণ কৰিব।