ডাউনলোড
মোবাইল এপ

android apple
signal

নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষৎ ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তৰ

ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই ‘ কালি নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষৎ কৰি ৰাজ্যৰ শেহতীয়া খৰাং সদৃশ পৰিস্থিতিৰ বিষয়ে অৱগত কৰে। মন্ত্ৰীগৰাকীয়ে এই পৰিস্থিতি জোৰা মৰাৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ পৰা সাহায্য আগবঢ়াবলৈ আৰু ৰাজ্যিক দুৰ্যোগ প্রশমন পুঁজিৰ পৰা ৰাজ্যই পাবলগীয়া অৱশিষ্ট কেন্দ্ৰীয় ধনৰাশি মোকলাই দিবলৈ গৃহমন্ত্ৰীগৰাকীক অনুৰোধ জনায়। তেওঁ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত দুৰ্যোগ ব্যৱস্থাপনা প্ৰণালী অধিক পেছাগত কাৰিকৰী দক্ষতাৰে সমৃদ্ধ কৰিব পৰাকৈ ৰাজ্যত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ উত্তৰ-পূৰ্বাঞ্চল চৌহদ স্থাপন বাবেও আহ্বান কৰে। ৰাজ্যবাসীৰ মাজত দুৰ্যোগ সম্পৰ্কীয় বাস্তৱ সময় আধাৰিত সঠিক আৰু ফলপ্ৰসূ সতর্কবাণী প্ৰচাৰৰ বাবে অসমত ছেল ব্ৰডাকষ্টিং প্রযুক্তি ৰূপায়ণৰ বাবেও শ্ৰী মহন্তই প্ৰস্তাৱ আগবঢ়ায়। শেহতীয়াকৈ অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত উদ্বেজনকভাৱে বৰষুণৰ পৰিমাণ হ্ৰাস পাইছে। শাওণৰ এটা সপ্তাহ পাৰ হোৱাৰ পাছতো বৰষুণৰ অভাৱত ৰাজ্যৰ বহু পথাৰত ছিঁৰাল ফাট মেলা পৰিলক্ষিত হৈছে। বিগত দুসপ্তাহ ধৰি ৰাজ্যত তাপমাত্রা হঠাত বৃদ্ধি পাইছে। ৰাজ্যত পাৰাস্তম্ভ উর্ধগামী হোৱাৰ ফলত স্বাভাৱিক জীৱন যাত্ৰাও ব্যাহত হৈছে। বিগত কিছুদিনত গুৱাহাটী, তেজপুৰ, ডিব্ৰুগড়, উত্তৰ লখিমপুৰ আৰু ধুবুৰীকে ধৰি বিভিন্ন অঞ্চলৰ তাপমাত্রা স্বাভাৱিকতকৈ ৫ ডিগ্রী পর্যন্ত বৃদ্ধি পাইছে। কালিৰ দিনটোত গুৱাহাটী মহানগৰীত সর্বোচ্চ তাপমাত্রাই ৩৭ দশমিক ৬ ডিগ্রী চেলচিয়াচ স্পৰ্শ কৰে। এই সময়ছোৱাত ডিব্ৰুগড়ত সর্বোচ্চ তাপমাত্রা ৩৬ দশমিক ৯, তেজপুৰত ৩৭, উত্তৰ লখিমপুৰত ৩৭ দশমিক ২ ডিগ্রী চেলচিয়াচ হয়। ৰাজ্যখনৰ বায়ুত জলীয় বাষ্পৰ পৰিমাণ বহু বেছি পৰিমাণে থকাৰ বাবে তাপমান ৩৬ ডিগ্রী চেলচিয়াচ হলেও ৪৫ৰ পৰা ৫০ ডিগ্রী চেলচিয়াচ যেন অনুভৱ হয়। কাইলৈৰ পৰা বহ্মপুত্ৰ উপত্যকাৰ উপৰি নাগালেণ্ড, মণিপুৰ, মিজোৰাম, অৰুণাচল প্ৰদেশ, ভূটানৰ সীমান্তবর্তী অঞ্চল আৰু বৰাক উপত্যকাৰ ঠাই বিশেষে বিজুলি ঢেৰেকনিৰে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ’ব পাৰে বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।