গুৱাহাটী বিজ্ঞান নগৰী প্ৰকল্পৰ অগ্ৰগতিক লৈ নতুন দিল্লীত কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰ্যালয় আৰু ৰাজ্য চৰকাৰৰ বৈঠক; ডিচেম্বৰত উদ্বোধনৰ লক্ষ্য

সোণাপুৰত নির্মিয়মাণ গুৱাহাটী বিজ্ঞান নগৰী প্ৰকল্পৰ অগ্ৰগতিক লৈ কালি নতুন দিল্লীত ৰাজ্যৰ বিজ্ঞান প্রযুক্তি মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰ্যালয় আৰু ৰাজ্য চৰকাৰৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জয়পুৰ হাউছস্থিত ৰাষ্ট্ৰীয় আধুনিক কলা সংগ্ৰহালয়ত প্ৰায় দুঘণ্টা ধৰি হোৱা এই বৈঠকত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ যৌথ পুঁজিৰে নিৰ্মাণ কৰি থকা এই বিজ্ঞান নগৰী প্ৰকল্প অহা ডিচেম্বৰৰ ভিতৰতে উদ্বোধনৰ লক্ষ্য স্থিৰ কৰি বাকী থকা কামকাজৰ ক্ষিপ্ৰ ৰূপায়নৰ সৈতে জড়িত সকলো দিশৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰা হয়। বৈঠকত প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতি সম্পৰ্কীয় প্ৰতিটো দিশৰ বিষয়ে বিতংভাৱে পর্যালোচনা কৰি বাকী থকা কামখিনি ক্ষিপ্ৰতাৰে সম্পন্ন কৰাৰ বাবে এখন সময় নির্দিষ্ট কর্মসূচী প্ৰস্তুত কৰা হয়। বৈঠকত কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰ্যালয়ৰ হৈ সংগ্ৰহালয় বিভাগৰ যুটীয়া সচিব লিলি পাণ্ডে, উপ-সচিব ফইজল শ্বাহ, ৰাজ্য চৰকাৰৰ ফালৰ পৰা বিজ্ঞান প্ৰযুক্তি বিভাগৰ সচিব পল্লব গোপাল ঝা আৰু ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰাহালয় পৰিষদৰ ফালৰ পৰা নতুন দিল্লীত ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰৰ সঞ্চালক বিজয় শংকৰ শৰ্মা আৰু গুৱাহাটীৰ ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰৰ সঞ্চালক সুজয় মজুমদাৰে অংশগ্ৰহণ কৰে। ইয়াৰ উপৰি ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰাহালয় পৰিষদৰ ফালৰ পৰা গুৱাহাটী বিজ্ঞান নগৰী প্ৰকল্পৰ বাবে নিয়োজিত স্থপতিবিদ সুনন্দ দাসগুপ্তাও বৈঠকত উপস্থিত থাকে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ অত্যাধুনিক বিজ্ঞান সংগ্ৰহালয়ৰূপে গুৱাহাটী বিজ্ঞান নগৰী নিৰ্মাণ কৰি থকা হৈছে। নিৰ্ধাৰিত সময়ৰ ভিতৰত এই প্রকল্প উদ্বোধনৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ উভয়ে পূৰ্ব নিৰ্ধাৰিত বাজেটৰ উপৰি অতিৰিক্ত পুঁজিও মুকলি কৰি দিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।