ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কেৰালাৰ এৰ্নাকুলাম জিলাত অগ্নিদগ্ধ হৈ দুই কন্যাসহ মাতৃৰ মৃত্যু

কেৰালাত আজি নিচেই পুৱা সংঘটিত এটা শোকাৱহ ঘটনাত দুগৰাকী কন্যাসহ মাতৃৰ অগ্নিদগ্ধ হৈ মৃত্যু হয়। মৃত কন্যা দুগৰাকীৰ বয়স ৮ বছৰ আৰু ৫ বছৰ বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। ৰাজ্যখনৰ এৰ্নাকুলাম জিলাৰ আংগামেলিত বসবাস কৰা মহিলাগৰাকীৰ ঘৰটোত আকস্মিকভাৱে জুই লগাৰ ফলতে দুৰ্ভাগ্যজনকভাৱে তিনিওৰে মৃত্যু হয়। আৰক্ষীৰ মতে শ্বৰ্টচাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হয়।