কেনিয়াৰ বানপীড়িতলৈ ভাৰতৰ পুনৰ ৪০ টন ঔষধ, চিকিৎসা সামগ্ৰী প্ৰেৰণ

ভাৰতে কেনিয়াৰ বানপীড়িতক মানৱীয় সাহায্য প্ৰদানৰ বাবে বায়ুসেনাৰ বিশেষ বিমানৰ জৰিয়তে দ্বিতীয়বাৰলৈ ৪০ টন ঔষধ, চিকিৎসা সামগ্ৰী আৰু অন্যান্য সঁজুলি প্ৰেৰণ কৰিছে। ভাৰতে টেণ্ট, কম্বল, বিদ্যুৎ উৎপাদনৰ ছেট, বেছিক ছেনিটেৰী ইউটিলিটি, হাইজিন কিট, শিশু খাদ্য, মেলেৰিয়া আৰু ডেংগু ডায়েগ্ন’ষ্টিক কিট তথা এনটিভেনম চিকিৎসা সম্বন্ধীয় বিভিন্ন সামগ্ৰী দেশখনলৈ প্ৰেৰণ কৰিছে। নৌসেনাৰ জাহাজ সুমেধাৰ জৰিয়তে প্ৰথমবাৰৰ সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হৈছিল আৰু যোৱা ১০ মে’ত কেনিয়া চৰকাৰক সামগ্ৰীখিনি গতাই দিয়া হৈছিল। উল্লেখযোগ্য যে ধাৰাসাৰ বৰষুণৰ ফলত হোৱা বানে আফ্ৰিকীয় ৰাষ্ট্ৰখনত সংহাৰী ৰূপ ধাৰণ কৰিছে। বানত এতিয়ালৈকে ৬৯ গৰাকী লোকৰ মৃত্যু হৈছে আৰু ১৮৮ গৰাকী লোক আহত হোৱাৰ লগতে প্রায় ২ লাখ ৮০ হাজাৰ লোকে ঘৰ-বাৰী এৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে দক্ষিণ সহযোগিতা নীতি আৰু আফ্ৰিকাক নিজৰ অগ্ৰাধিকাৰৰ শীৰ্ষত ৰখাৰ বাবে ভাৰতে দেশখনৰ প্ৰতি দায়বদ্ধতা আৰু বন্ধুত্বপূর্ণ সম্পৰ্কৰ চিনস্বৰূপে এই সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।