ডাউনলোড
মোবাইল এপ

android apple
signal

May 24, 2025 7:12 PM | Khelo India

printer

উত্তৰ-পূৰ্বাঞ্চলত খেলো ইণ্ডিয়া উত্তৰ পূৱ ক্ৰীড়া প্রতিযোগিতাৰ আয়োজন কৰা হব বুলি ড° মনসুখ মন্দাভিয়াৰ প্ৰকাশ

উত্তৰ-পূৰ্বাঞ্চলত ক্রীড়া প্ৰতিভাৰ বিকাশৰ বাবে খেলো ইণ্ডিয়া উত্তৰ পূৱ ক্ৰীড়া প্রতিযোগিতাৰ আয়োজন কৰা হব বুলি কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মন্দাভিয়াই প্ৰকাশ কৰিছে। আজি নতুন দিল্লীত আয়োজিত ৰাইজিং নর্থ ইষ্ট বিনিয়োগকাৰী শীৰ্ষ সন্মিলন ২০২৫ৰ আজি সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰে। তেওঁ কয় যে প্ৰতিবছৰে আয়োজন কৰিবলগীয়া এই উৎসৱত অলিম্পিকত অন্তৰ্ভুক্ত ক্রীড়াসমূহৰ লগতে পৰম্পৰাগত ক্ৰীড়াও অন্তৰ্ভুক্ত কৰা হব।

ক্রীড়ামন্ত্ৰীগৰাকীয়ে খেলো ইণ্ডিয়া ক্রীড়া প্রতিযোগিতাত দেশক ক্রীড়া ক্ষেত্ৰত উত্তৰণ ঘটোৱাৰ মূল চাবিকাঠি বুলিও উল্লেখ কৰে। এই অনুষ্ঠানত অংশ লৈ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী অনুপ্রিয়া পেটেলে কয়, যে স্বাস্থ্য সেৱা সুলভ আৰু গুণগত মানসম্পন্ন কৰি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহৰ সৈতে সহযোগিতাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয় যে, ব্যক্তিগত খণ্ডই উত্তৰ পূৰ্বাঞ্চলৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত নির্ণায়ক ভূমিকা গ্ৰহণ কৰিব পাৰে। চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ কল্যাণৰ বাবে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে বুলিও মন্তব্য কৰে। সন্মিলনত অংশ লৈ উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ ত্বৰান্বিত কৰাত নবীকৰণযোগ্য শক্তিখণ্ডই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি নতুন আৰু নবীকৰণযোগ্য শক্তিমন্ত্ৰী প্ৰহ্লাদ যোশীয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে বিগত ১১ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ-পূবত অভূতপূর্ব উন্নয়ন পৰিলক্ষিত হৈছে। মন্ত্ৰীগৰাকীয়ে কয়, যে উত্তৰ-পূবত অব্যৱহৃত নবীকৰণযোগ্য শক্তিৰ বিশাল সম্পদ আছে। তেওঁ কয়, যে শক্তিৰ বৃৰ্ধিত চাহিদাৰে এই প্ৰাকৃতিক সুবিধাসমূহৰ সহায়ত দেশৰ সেউজ বিকাশৰ পৰিকল্পনাসমূহত উত্তৰ-পূব অঞ্চলে গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে। উত্তৰ-পূবৰ পৰিৱৰ্তন তথা ইয়াৰ সম্ভাৱনাসমূহ ব্যৱহাৰৰ দিশত অংশগ্রহণ তথা বিনিয়োগৰ বাবে আগবাঢ়ি আহিবলৈ শ্ৰীযোশীয়ে উদ্যোগপতি তথা বিনিয়োগকাৰীসকলৰ প্ৰতি আহ্বান জনায়।

আজি সামৰণি পৰিবলগীয়া এই সন্মিলনত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এখন আলোচনা সত্ৰত ভাষণ দিয়ে। ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাইও আজি এই অনুষ্ঠানত অংশ লৈ মতামত ব্যক্ত কৰে। উত্তৰ পূৱ উন্নয়ন মন্ত্ৰালয়ে আয়োজন কৰা এই দুদিনীয়া সন্মিলনত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্রী আৰু দেশ বিদেশৰ মন্ত্ৰীয়ে অংশ লয়। এই সময়ছোৱাত ৰাজ্যখনৰ উন্নয়নৰ বাবে বিনিয়োগ আৰু বাণিজ্য সম্পৰ্কীয় কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয় বুলি তেঁও উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।