কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মঙলবাৰৰ পৰা বন্যপ্ৰাণী সংৰক্ষণ আৰু সংৰক্ষণ কৰ্মীৰ দক্ষতা বিকাশৰ ছদিনীয়া প্রশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয় আন্তৰাষ্ট্ৰীয় ব্যাঘ্ৰ প্ৰজাতি জোঁট, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ উদ্যোগত আয়োজিত এই কৰ্মশালাৰ আজি তৃতীয় দিনা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয়। বিশ্বৰ ২৭ খন দেশৰ অংশগ্ৰহণকাৰীয়ে ভাগ লোৱা এই কর্মশালাত প্রতিনিধিসকলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন এলেকালৈ লৈ গৈ তেওঁলোকক উদ্যানখনৰ কেতবোৰ গুৰুত্বপূৰ্ণ দিশ সম্পৰ্কে অৱগত কৰোৱা হয়। ইৰাণ, আফ্রিকা, ভূটান, মালয়েছিয়া, শ্রীলংকা, কেনিয়াকে ধৰি দেশসমূহৰ প্ৰতিনিধিসকলে কাজিৰঙাত থাকি ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণ ব্যৱস্থা, চোৰাংচিকাৰ ৰোধ কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা, গৱেষণা পদ্ধতি, পানী ধৰি ৰখাৰ ব্যৱস্থাকে ধৰি বিভিন্ন বিষয়ত প্ৰশিক্ষণ গ্ৰহণ কৰিব।
Site Admin | February 13, 2025 7:06 PM | kaziranga training
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণী সংৰক্ষণ আৰু সংৰক্ষণকৰ্মীৰ দক্ষতা বিকাশৰ প্রশিক্ষণ কাৰ্যসূচী