বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ব্যাঘ্ৰ সংৰক্ষিত প্ৰকল্প কাইলৈৰ পৰা দৰ্শকৰ বাবে মুকলি কৰা হ’ব। দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি কাইলৈ ৰাষ্ট্ৰীয় উদ্যানখনত বাগৰি সংমণ্ডলৰ সীমিত পর্যটন পথহে দৰ্শনাৰ্থীৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অৱগত কৰিছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ কেন্দ্ৰীয় বন সংমণ্ডল কঁহৰা অক্টোবৰ মাহৰ দ্বিতীয় সপ্তাহত আৰু হাতী ছাফাৰী এক নৱেম্বৰৰ পৰা মুকলি হোৱাৰ সম্ভাৱনাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
ইফালে, ৰাজ্যৰ অন্য এখন বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান কালিৰেপৰা পুনৰ মুকলি কৰা হৈছে। এই উপলক্ষে কালি উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ প্ৰথম প্ৰৱেশদ্বাৰৰ পৰা মুখ্য প্ৰৱেশদ্বাৰলৈ এটা হস্তী সমদল উলিওৱা হয়। ইয়াৰ পাছতেই বি টি চিৰ বন বিভাগৰ সচিব সুমন মহাপাত্ৰই ৰাষ্ট্ৰীয় উদ্যানখন ২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে। কাৰ্যসূচীৰ আৰম্ভণিতে জনতাৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত এক মিনিট মৌনতা অৱলম্বন কৰা হয় ৷