ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 21, 2024 12:31 PM | KAZIRANGA NATIONAL PARK

printer

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিৰ্মাণ কৰিবলগীয়া এলিভেটেড কৰিড’ৰ কাম ক্ষিপ্ৰতাৰে কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নির্দেশ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্রাণী সুৰক্ষাৰ বাবে নিৰ্মাণ কৰিবলগীয়া এলিভেটেড কৰিড’ৰ অৰ্থাৎ‍ উদ্যানখনৰ ওপৰেৰে যোৱা পথৰ কাম ক্ষিপ্ৰতাৰে কৰিবলৈ উচ্চতম ন্যায়ালয়ে নির্দেশ দিছে। কালি সর্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গোৱাই আৰু কে বি বিশ্বনাথনৰ দ্বাৰা গঠিত এখন খণ্ড বিচাৰপীঠে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে জড়িত এটা গোচৰৰ শুনানি গ্ৰহণ কৰি ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণত প্ৰকল্পটোক অগ্ৰাধিকাৰ ভিত্তিত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে। প্ৰস্তাৱিত ৩৪ কিলোমিটাৰ এলিভেটেড কৰিড’ৰটোক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্রাণী, বিশেষকৈ এটা খাযুক্ত গঁড়ৰ বাবে অতিকৈ প্ৰয়োজনীয় বুলি ন্যায়ালয়ে উল্লেখ কৰে। এই পৰিপ্ৰেক্ষিতত কম সময়ৰ ভিতৰতে প্ৰকল্পটো ৰূপায়ণ কৰাৰ বাবে নিৰ্দেশ প্রদান কৰে। ৰাজ্য চৰকাৰে কালি আদালতত এলিভেটেড কৰিড’ৰটোক লৈ এখন প্ৰতিবেদন দাখিল কৰে। প্ৰতিবেদনত উল্লেখ কৰা মতে প্ৰস্তাৱিত এলিভেটেড কৰিড’ৰটোত বন্যপ্ৰাণীৰ বাবে থাকিব বিশেষ সুৰংগ। বন্যপ্ৰাণীসমূহে সুৰংগসমূহেৰে নিৰ্বিঘ্নে পথ অতিক্ৰম কৰিব পাৰিব বুলিও প্ৰতিবেদনত উল্লেখ কৰা হয়। শুনানিকালত উদ্যানখনৰ দক্ষিণ দিশে হোৱা অবৈধ খনন ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰ সফল হোৱাত আদালতে সন্তুষ্টি প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।