ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূব প্ৰান্তৰ অগৰাতলি বনাঞ্চল আজি পৰ্যটকৰ বাবে মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূব প্ৰান্তৰ অগৰাতলি বনাঞ্চল আজি পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হয়। বনাঞ্চলখনৰ আনুষ্ঠানিক মুকলি অনুষ্ঠানত মন্ত্রী অতুল বৰাৰ লগতে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাছাও উপস্থিত থাকে। বনাঞ্চলখনত কেৱল জীপ ছাফাৰীৰহে ব্যৱস্থা থাকিব বুলি বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। আজি মুকলিৰ দিনা বহুসংখ্যক দেশীয় পর্যটকৰ লগতে কেইগৰাকীমান জার্মান পর্যটকো উপস্থিত থাকে।