কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত আজিৰে পৰা পৰ্যটকৰ বাবে জীপ ছাফাৰি মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চল আজিৰে পৰা পৰ্যটকৰ বাবে জীপ ছাফাৰিৰ বাবে মুকলি কৰা হৈছে। আজি পুৱা উদ্যান কর্তৃপক্ষই বন্তি প্ৰজ্বলনেৰে বুঢ়াপাহাৰ বনাঞ্চলৰ আজিৰে পৰা শুভাৰম্ভ কৰা বুলি ঘোষণা কৰিছে।