ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 3, 2025 12:41 PM | kaziranga jeep safari

printer

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা সংমণ্ডল পৰ্যটকৰ বাবে মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা সংমণ্ডল কালি পৰ্যটকৰ বাবে মুকলি কৰা হয়। বন মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে কহৰা সংমণ্ডলৰ প্ৰৱেশদ্বাৰ মিহিমুখত আনুষ্ঠানিকভাৱে সংমণ্ডলটো মুকলি কৰে। এতিয়াৰে পৰা পর্যটকসকলে জীপ আৰু হাতী চাফাৰি কৰি উদ্যানখনৰ সৌন্দৰ্য্য উপভোগ কৰিব পাৰিব।

ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি, বুঢ়াপাহাৰ আৰু অগৰাতলি বনাঞ্চলৰ কিছু অংশ ইতিমধ্যে পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছে। সম্প্রতি কহৰা বনাঞ্চলৰ মিহিমুখৰ পৰা দাফলাং হৈ বৰুণটিকালৈ পর্যটকে জীপ চাফাৰি কৰিব পাৰিব। বন মন্ত্ৰীগৰাকীয়ে কহৰা বনাঞ্চল মুকলি কৰি এইবাৰ উদ্যানখনলৈ আৰু অধিক পৰ্যটকৰ আগমন হব বুলি আশা প্রকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।