ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত অহা ২ নৱেম্বৰৰ পৰা পৰ্যটকৰ বাবে জীপ আৰু হাতী ছাফাৰি মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত অহা ২ নৱেম্বৰৰ পৰা পৰ্যটকসকলে জীপ আৰু হাতী ছাফাৰি কৰিব পাৰিব। ইয়াৰ বাবে বনাঞ্চলখনৰ মূল প্ৰৱেশদ্বাৰ ৰং-তুলিকাৰে সজাই তোলা হৈছে। আৰ্ট ফৰ নেচাৰ নামৰ এটা সংস্থাৰ শিল্পীসকলে উদ্যানখনৰ প্ৰতিটো বন্য জীৱ ছবিৰে প্ৰৱেশদ্বাৰখন সজাই তুলিছে। চালে চকুৰোৱা এই ছবিসমূহে পর্যটকসকলক আকৰ্ষণ কৰিব।