October 28, 2025 7:10 PM | Kaziranga

printer

কাজিৰঙাত অসম সাহিত্য সভাৰ ভৱিষ্যৎ প্রজন্ম শীর্ষক এখন সম্মিলন অনুষ্ঠিত

অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত তথা গোলাঘাট জিলা সাহিত্য সভাৰ সহযোগত কাজিৰঙাৰ কঁহৰাৰ পৰমানন্দ লাহন প্রেক্ষাগৃহত আজি অসম সাহিত্য সভাৰ ভৱিষ্যৎ প্রজন্ম শীর্ষক এখন সম্মিলন অনুষ্ঠিত হয়। অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে সন্মিলনখনত উদ্বোধনী ভাষণ দিয়ে। মন্ত্রী অতুল বৰা এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। এই সন্মিলনত প্রজন্ম ঐক্য নামৰ এখন স্মৰণীকাৰ লগতে বিভিন্ন লেখকৰ ৮ খন গ্রন্থও উন্মোচন কৰা হয়। অনুষ্ঠানৰ পূৰ্বে শিল্পীসকলে অসম সাহিত্য সভাৰ চিৰ চেনেহী মোৰ ভাষা জননী শীর্ষক গীত পৰিৱেশন কৰাৰ লগতে শিল্পী জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি জনায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।