ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অধিকাংশ প্লাৱিত কৰিছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ ঘাঁহনি অঞ্চলসমূহ পানীত বুৰ যোৱাত পহু, গঁড়, হাতীকে ধৰি অন্যান্য জীৱ-জন্তুৱে বানৰ পৰা ৰক্ষা পোৱাৰ লগতে খাদ্যৰ সন্ধানত ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰা পৰিলক্ষিত হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে যোৱা ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমগ্ৰ অংশটোৰ চাৰিওকাষে পানী বিপদসীমাৰ ওপৰত থকাৰ পৰিপ্ৰেক্ষিতত কলিয়াবৰ সমজিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ আৰু সমজিলা আয়ুক্তই বন্যপ্ৰাণী সুৰক্ষা তথা জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এটা নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে চলাচল কৰা বাহনৰ গতিবেগ প্রতিঘণ্টাত ৪০ কিলোমিটাৰতকৈ অধিক হ’ব নোৱাৰিব। একেদৰে এনিমেল কৰিড’ৰত পাঁচজনতকৈ অধিক লোক সমৱেত হোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজত গধূৰ বাহন ৰখোৱাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তদুপৰি কলিয়াবৰ সমজিলাৰ অধীনত এনিমেল কৰিড’ৰসমূহত নিশাৰ ভাগত উজ্বল লাইটৰ ব্যৱহাৰ আৰু উচ্চ প্রাবল্যত গান বা গাড়ীৰ হৰ্ন বজোৱাত কঠোৰভাৱে নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
Site Admin | June 4, 2025 2:05 PM | kazirang flood
ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অধিকাংশ প্লাৱিত
