March 17, 2025 7:26 PM | Kathmandu

printer

কাঠমাণ্ডুত হ’বলগীয়া দক্ষিণ এছীয় মিত্ৰজোঁটৰ অনুষ্ঠানলৈ আমন্ত্ৰণ লাভ বিবেক দাসৰ

বিশ্বনাথৰ কৃষক নেতা বিবেক দাসে দৰিদ্ৰতা দূৰীকৰণৰ বাবে দক্ষিণ এছীয় মিত্ৰজোঁটৰ নেপালৰ কাঠমাণ্ডুত হ’বলগীয়া অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ আমন্ত্ৰণ লাভ কৰিছে। অহা ২০ আৰু ২১ মাৰ্চত হ’বলগীয়া এই অনুষ্ঠানত শ্রীদাসে ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা সন্দৰ্ভত আলোকপাত কৰিব। এই অনুষ্ঠানত দক্ষিণ এছিয়াৰ চাহ উৎপাদনকাৰী দেশ যেনে- চীন, শ্রীলংকা, নেপাল, বাংলাদেশকে ধৰি কেইবাখনো দেশৰ প্রতিনিধিয়ে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত বিহাৰ আৰু উত্তৰ প্ৰদেশৰ দুগৰাকী কৃষক নেতাইও প্রতিনিধিত্ব কৰিব। এই খবৰ লাভ কৰাৰ পাছতেই বিশ্বনাথ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সুৰক্ষা সমিতিয়ে বিবেক দাসক সম্বৰ্দ্ধনা জ্ঞাপন কৰে।