ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 7, 2025 6:43 PM | Keshab Mahanta

printer

ৰাজ্যৰ সম্ভাব্য বান পৰিস্থিতিৰ বাবে কাৰ্যপন্থা যুগুতৰ সন্দৰ্ভত কেশৱ মহন্তৰ বৈঠক

বাৰিষাৰ সময়ত সম্ভাব্য বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে কাৰ্যপন্থা যুগুত কৰিবলৈ আজি ৰাজ্যৰ ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই এখন বৈঠকত মিলিত হয়। এই বৈঠকত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়াবৰ্গৰ লগতে এন ডি আৰ এফ, এছ ডি আৰ এফ, অসামৰিক প্ৰতিৰক্ষা, সেনা বাহিনী, ভাৰতীয় খাদ্য নিগমকে ধৰি বিভিন্ন বিভাগ আৰু সংস্থাৰ প্ৰতিনিধি উপস্থিত থাকে। বৈঠকখনত বাৰিষাৰ সময়ছোৱাত বান পৰিস্থিতিৰ পৰা জনসাধাৰণক সকাহ দিয়াৰ বাবে আগতীয়াকৈ সাজু হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। মন্ত্ৰী শ্ৰী মহন্তই বান ব্যৱস্থাপনাৰ সৈতে জড়িত প্ৰতিটো বিভাগক নিজৰ দায়িত্বসমূহ পালনৰ বাবে আগতীয়াকৈ প্ৰস্তুত হ’বলৈ পৰামৰ্শ দিয়ে।