কাৰ্গিলত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা পদক্ষেপৰ অংশ হিচাপে হিমালয়ত জলবায়ু স্থিতিস্থাপকতা শীর্ষক শৈক্ষিক বৈঠক

লাডাখ স্বায়ত্বশাসিত পার্বত্য উন্নয়ন পৰিষদে কাৰ্গিলত কালি আন্তঃৰাষ্ট্ৰীয় সহযোগিতা পদক্ষেপৰ অংশ হিচাপে হিমালয়ত জলবায়ু স্থিতি-স্থাপকতা শীর্ষক এখন শৈক্ষিক বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত কাৰ্গিলৰ পৰ্যটন বিভাগ তথা জনস্বাস্থ্য কাৰিকৰী আৰু জলসিঞ্চন বিভাগৰ কাৰ্যবাহী কাউন্সিলৰ কাছ’ মহম্মদ ফিৰোজে অধ্যক্ষতা কৰে। এই বৈঠকত আগশাৰীৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় শৈক্ষিক প্ৰতিষ্ঠানৰ প্ৰবক্তা আৰু গৱেষকসকলে অংশগ্ৰহণ কৰে। এই বৈঠকখন যোৱা ৭ জুলাইত আৰম্ভ হোৱা আৰু পৰহিলৈ অন্ত পৰিবলগীয়া ‘Confronting the Climate Challenge in the Indian Himalayas: Pathways to Resilience’ শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় গ্ৰীষ্মকালীন বিদ্যালয় কাৰ্যসূচীৰ অংশ বিশেষ। জলবায়ু পৰিৱৰ্তন আৰু লাডাখ-হিমালয় অঞ্চলত জলবায়ুৰ স্থিতি-স্থাপকতা ৰক্ষাৰ ক্ষেত্ৰত শৈক্ষিক সহযোগিতা আৰু অংশীদাৰীসকলক ইয়াৰ সৈতে সংযুক্ত কৰাই এই বৈঠকৰ মূল উদ্দেশ্য।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।