পার্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ’ৰ কাৰ্বি লাংপি নদীত আজি পুৱাৰ ভাগত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হয় ৷ কাৰ্বি লাংপি নৈৰ লংজাপ ঘাটত উদ্ধাৰ হোৱা মৃতদেহটো বৈঠালাংছ’ৰ দিশৰ পৰা উটি আহিছে বুলি স্থানীয় ৰাইজে আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো ডিফুৰ চৰকাৰী হাস্পতাললৈ প্ৰেৰণ কৰিছে।