পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকামত পি জি আৰ আৰু ভি জি আৰ ভূমিৰ পৰা অবৈধ দখলকাৰীক উচ্ছেদৰ দাবীত কাৰ্বি ছাত্ৰ সন্থাকে ধৰি কেইবাটাও কাৰ্বি জাতীয় সংগঠনে চলাই থকা প্রতিবাদে কালি হিংসাত্মক ৰূপ ধাৰণ কৰে। একাংশ প্ৰতিবাদকাৰীয়ে কালি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পৈতৃক বাসগৃহত অগ্নিসংযোগ কৰে আৰু বাসগৃহটো লণ্ডভণ্ড কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হোৱাত তিনিজন প্ৰতিবাদকাৰী আহত হয়। আনহাতে প্ৰতিবাদকাৰীৰ আক্ৰমণত এজন আৰক্ষীৰ জোৱানো আহত হয়। উল্লেখযোগ্য যে ষষ্ঠ অনুসূচীৰ অন্তৰ্গত কাৰ্বি আংলং জিলাৰ পি জি আৰ আৰু ভি জি আৰ ভূমিৰ পৰা দখলকাৰীক উচ্ছেদৰ দাবীত কাৰ্বি ছাত্ৰ সন্থা আৰু জাতীয় সংগঠনসমূহে যোৱা ১৫ দিন ধৰি অনশন কাৰ্যসূচীকে ধৰি আন্দোলন চলাই আহিছে। আনহাতে এই ভূমি সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি থকা গোচৰৰ বাবে বিষয়টোত চৰকাৰ বা স্বায়ত্তশাসিত পৰিষদে বর্তমান হস্তক্ষেপ কৰিব নোৱাৰে বুলি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে প্ৰকাশ কৰিছে। অঞ্চলটোৰ উত্তেজনাপূৰ্ণ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিশা অঞ্চলটোত বিদ্যুৎ কৰ্তনৰ লগতে ভাৰতীয় ন্যায় সুৰক্ষা সংহিতাৰ ২০২৩ৰ অধীনত ১৬৩ ধাৰাও জাৰি কৰা হয় ৷ অনির্দিষ্ট কাললৈ প্ৰশাসনে এই নির্দেশা অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে। অসম আৰক্ষীৰ সঞ্চালক প্রধান হৰমিত সিঙে সমগ্ৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীক সষ্টম হৈ থকাৰ নিৰ্দেশ দিয়ে। জিলাখনত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ বুজ লোৱাৰ বাবে যোৱা নিশা মন্ত্ৰী ৰণোজ পেগুও উপস্থিত হয়। অঞ্চলটোত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ পাছতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
ইপিনে, সন্ধিয়াও অঞ্চলটোত প্ৰতিবাদকাৰীয়ে তুলিৰাম ৰংহাঙৰ বাসগৃহৰ সন্মুখত অৱস্থান কৰি থকা প্ৰতিবাদকাৰীক আঁতৰাবলৈ চেষ্টা কৰোতে আৰক্ষীৰ সৈতে হতাহতি সৃষ্টি হয়। এই হিংসাত্মক পৰিস্থিতিৰ পাছতে তুলিৰাম ৰংহাঙৰ ডিফুৰ চৰকাৰী বাসভৱনতো কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে।