June 7, 2025 6:38 PM | Karbi Anglong

printer

পশ্চিম কাৰ্বি আংলঙত বিষাক্ত কাঠফুলা সেৱন সন্দৰ্ভত বিশেষ সজাগতা শিবিৰ অনুষ্ঠিত

পশ্চিম কাৰ্বি আংলঙত আজি বিষাক্ত কাঠফুলা সেৱন সন্দৰ্ভত বিশেষ সজাগতা শিবিৰ অনুষ্ঠিত কৰা হয়। যোৱা শুকুৰবাৰে বিষাক্ত কাঠফুলা খাই ৫ গৰাকী লোক বিষক্ৰিয়াত অসুস্থ হোৱাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ একাংশ স্বাস্থ্য কর্মীয়ে বিভিন্ন অঞ্চলত এই সজাগতা প্রদান কার্যসূচী অনুষ্ঠিত কৰে।