ডাউনলোড
মোবাইল এপ

android apple
signal

May 21, 2025 12:53 PM | Karbi Anglong

printer

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ১২৮ নম্বৰ বেটেলিয়নৰ ডেল্টা কোম্পানীৰ উদ্যোগত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ

পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ’ত আজি কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ১২৮ নম্বৰ বেটেলিয়নৰ ডেল্টা কোম্পানীৰ উদ্যোগত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পাহাৰীয়া জিলাখনৰ বৈঠালাংছ’ৰ ৰঙাগড়াত অৱস্থিত কৰা-এৰপী মধ্য ইংৰাজী বিদ্যালয় আৰু স্বামী বিবেকানন্দ ইংৰাজী বিদ্যালয়ৰ চৌহদত প্ৰায় ৫০০ তামোল গছৰ পুলি ৰোপণ কৰা হয়। গছপুলি ৰোপণৰ জৰিয়তে দুয়োখন বিদ্যালয়ৰ শৈক্ষিক বাতাবৰণ পৰিৱেশ অনুকুল হোৱাৰ লগতে ভৱিষ্যতে আর্থিক সহায়ো আগবঢ়াব বুলি আৰক্ষী বাহিনীৰ বিষয়াই জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক