ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 28, 2025 6:56 PM | Karbi Anglong

printer

তিৱা জনগোষ্ঠীৰ অন্যতম উৎসৱ অষ্টাদশ লাংখন উৎসৱ উদযাপন

পশ্চিম কাৰ্বি আংলঙৰ ৰংখাং তিৱা সাংস্কৃতিক আঞ্চলিক সমিতিৰ উদ্যোগত আজি তিৱা জনগোষ্ঠীৰ অন্যতম উৎসৱ অষ্টাদশ লাংখন উৎসৱ উদযাপন কৰা হয়। তিৱা জনগোষ্ঠীৰ পৰম্পৰাগত লখিমীক আদৰা এই উৎসৱৰ লগত সংগতি ৰাখি সাতডাল লাংখন অর্থাৎ বাঁহেৰে সাতপুৰুষক শ্রদ্ধাঞ্জলি জনোৱা হয়। জিলাখনৰ তৰাডুবিৰ বৰঘাটত অনুষ্ঠিত এই উৎসৱৰ লগত সংগতি ৰাখি বহুকেইটা সাংস্কৃতিক দলে লাংখন নৃত্য প্রদর্শন কৰে।