ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 4, 2025 12:43 PM | Karbi Anglong

printer

দংকামোকামত বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী চিকিৎসকৰ মৃত্যু

পশ্চিম কাৰ্বি আংলং জিলাৰ দংকামোকামত যোৱা নিশা বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী চিকিৎসকৰ মৃত্যু হয়। কালি সন্ধিয়া প্ৰবল বৰষুণ আৰু বিজুলী-ঢেৰেকনীৰ বাবে ইনভার্টাৰ সংযোগ বিচ্ছিন্ন কৰিবলৈ যোৱাৰ সময়তে বিদ্যুৎ পৰিবাহী ছকেটত লাগি চিকিৎসকগৰাকীৰ থিতাতে মৃত্যু হয়। মৃত ৰূপলিন ৰংপিপি নামৰ চিকিৎসকগৰাকী ওমপানাই খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ অন্তৰ্গত অতি দুর্গম অঞ্চল ক্ৰকেংদাঙত সমূহীয়া চিকিৎসা বিষয়া হিচাপে কৰ্মৰত আছিল।

ইপিনে কালি বিজুলী-ঢেৰেকনীত বৈথালাংছোৰ পুঞ্জা গাঁৱৰ ভালেকইগৰাকী লোক গুৰুতৰভাৱে আহত হোৱা বুলি আমাৰ পশ্চিম কাৰ্বি আংলঙৰ সংবাদদাতাই জনাইছে।