ডাউনলোড
মোবাইল এপ

android apple
signal

June 23, 2025 11:50 AM | Karbi Anglong

printer

আজি ৭৪ সংখ্যক কাৰ্বি পৰিষদৰ প্ৰতিষ্ঠা দিৱস পালনৰ আয়োজন

পশ্চিম কাৰ্বি আংলঙৰ জিলাখনৰ হামৰেণত থকা কাৰ্বি পৰিষদৰ শাখা সচিবালয় প্ৰাংগনত আজি ৭৪ সংখ্যক কাৰ্বি পৰিষদৰ প্ৰতিষ্ঠা দিৱস পালনৰ আয়োজন কৰা হৈছে। ডিফু চহৰৰ ছাৰছিং টেৰন লাংকুং হাবে টাউন হলত পুৱা ৮ বজাৰ পৰা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী আৰম্ভ হব। দিনৰ ১০ বজাত কাৰ্বি পৰিষদৰ অধ্যক্ষ ৰাজু তিছৱে মুকলি সভাৰ অনুষ্ঠান সঞ্চালনা কৰিব। কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। কাৰ্বি জনগোষ্ঠীক আগুৱাই নিয়া আৰু কাৰ্বি পৰিষদৰ প্ৰতিষ্ঠাত অৱদান আগবঢ়োৱা প্রয়াত ব্যক্তিসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰা হব। অনুষ্ঠানত বিধায়ক ৰূপচিং টেৰণ আৰু কাৰ্বি ৰজা লংচিং ৰংহাঙো উপস্থিত থাকিব ।

অধিক পঢ়ক

সকলো চাওক