ডাউনলোড
মোবাইল এপ

android apple
signal

September 3, 2025 8:04 PM | karam puja

printer

পৰম্পৰাগত ৰীতি-নীতিৰে ৰাজ্যৰ চাহ জনগোষ্ঠীয় লোকসকলৰ কৰম পূজা পালন

ৰাজ্যৰ চাহ জনগোষ্ঠীয় লোকসকলে আজি পৰম্পৰাগত ৰীতি-নীতিৰে কৰম পূজা পালন কৰে। ডিব্ৰুগড় জিলাৰ প্ৰতিখন চাহ বাগিচাত কৰম পূজা অনুষ্ঠিত কৰা হয়। লাহোৱাল, মোহনবাৰী, ৰমাই, ঘোঁৰামৰা, লেকাই, ঠাকুৰৰ্থান আদিকে ধৰি প্ৰতিটো অঞ্চলত ধর্মীয় ৰীতি-নীতিৰে কৰম পূজা অনুষ্ঠিত কৰা হৈছে।

কাচাৰ জিলাৰ বিভিন্ন চাহ বাগিচা অঞ্চলতো এই পূজা পালন কৰা হয়। অসম প্রদেশ কুঁৰুখ ঔৰাও সংঘৰ উদ্যোগত ডলু চাহ বাগিচাৰ মইনা নগৰত পৰম্পৰাগত এই পূজা পালন কৰা হয়।

ৰাষ্টপতি শ্রীমতী দ্রৌপদী মুৰ্মু আৰু প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কৰম পূজা উপলক্ষে দেশবাসীক ওলগ জনাইছে। এই উপলক্ষে সামাজিক মাধ্যযোগে দিয়া এটা শুভেচ্ছা বার্তাত ৰষ্ট্রপতি মুর্মুরে কয় যে এই উৎসৱ ভাতৃ-ভগ্নীসকলৰ মাজৰ মৰম ভালপোৱা আৰু সদভাৱৰ প্ৰতীক। এই উৎসৱে প্ৰকৃতিৰ সংৰক্ষণৰ বাৰ্তা বহন কৰে বুলি শ্রীমতী মুর্মুরে প্রকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ বাৰ্তাত কয়, যে এই উৎসবে ভাতৃ আৰু ভগ্নীৰ মাজৰ অটুত বান্ধোনক প্রতিফলিত কৰে। প্রধানমন্ত্রীয়ে এই পবিত্র উৎসবে সকলোৰে জীৱনলৈ শান্তি-সমৃদ্ধি আৰু সুস্বাস্থ্যৰ বতৰা কঢ়িয়াই আনিব বুলি আশা প্রকাশ কৰে।

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মায়ো চাহ জনগোষ্ঠীয় লোকসকলক কৰম পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত তেওঁ কয়, যে কৰম পূজা হৈছে উৰ্বৰতা, সমৃদ্ধি আৰু সমন্বয়ৰ প্রতীক। উল্লেখযোগ্য যে, শস্যৰ উৎপাদন বৃদ্ধিৰ কামনাৰে ভাদ মাহৰ শুক্লা একাদশী তিথিত এই পূজা উদযাপন কৰা হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।