ডাউনলোড
মোবাইল এপ

android apple
signal

May 24, 2025 8:15 PM | Kanimozhi

printer

সন্ত্ৰাসবাদৰ প্রতি ভাৰতৰ শূন্য সহনশীলতাৰ নীতিৰ বিষয়ে নিজৰ স্থিতি স্পষ্ট কানিমোঝিৰ নেতৃত্বত ৰাছিয়ালৈ যোৱা বহুদলীয়া প্ৰতিনিধি দলটোৰ

ডি এম কেৰ সাংসদ কানিমোঝিৰ নেতৃত্বত ৰাছিয়ালৈ যোৱা বহুদলীয়া প্ৰতিনিধি দলটোৱে আজি সকলো ধৰণৰ সন্ত্ৰাসবাদৰ প্রতি ভাৰতৰ শূন্য সহনশীলতাৰ নীতিৰ বিষয়ে নিজৰ স্থিতি স্পষ্ট কৰে। মস্কোত থকা ভাৰতীয় দূতাবাসত এখন যুটীয়া সংবাদমেলত সাংসদ কানিমোঝিয়ে কয়, যে পাকিস্তানৰ পৰা ভাৰতত অনুপ্ৰৱেশ কৰা সন্ত্ৰাসবাদীয়ে পেহেলগামৰ আক্ৰমণ সংঘটিত কৰিছে আৰু এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা সংগঠনটোক পাকিস্তানে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ৰক্ষণা-বেক্ষণা দিছে। তেওঁ কয়, যে ভাৰতে  দায়িত্বশীলভাৱে এই আক্ৰমণৰ প্ৰত্যুত্তৰ দিছে আৰু এই প্ৰত্যাক্ৰমনত অসামৰিক লোক আৰু সামৰিক ঘাটি সমূহৰ যাতে কোনো ক্ষয়ক্ষতি নহয় সেয়া সুনিশ্চিত কৰিছে।

প্রতিনিধি দলটোৱে ভাৰতীয় স্থিতিৰ বিশয়ে ব্যাখ্যা আগবঢ়োৱাৰ সুযোগ লাভ কৰিছে বুলি সাংসদগৰাকীয়ে উল্লেখ কৰে। প্রতিনিধি দলটোৱে মস্কোত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। ইপিনে জে ডি ইউৰ সাংসদ সঞ্জয় ঝাই নেতৃত্ব দিয়া আন এটা প্রতিনিধি দলে প্রথম পৰ্যায়ৰ জাপান ভ্রমণ সফলতাৰে সম্পন্ন কৰিছে আৰু দক্ষিণ কোৰিয়া অভিমুখে ৰাওনা হৈছে। দলটোৱে জাপানৰ টকিঅৰ ভাৰতীয় দূতাবাসত প্ৰবাসী ভাৰতীয়সকলৰ প্ৰতিনিধিৰ সৈতে মত বিনিময় কৰে। এই সমাবেশত শ্ৰী ঝাই ২২ এপ্ৰিলত হোৱা পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত পাকিস্তানৰ ভূমিকা সন্দৰ্ভত ব্যাখ্যা কৰে। তেওঁ লগতে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত থকা সন্ত্ৰাসবাদীৰ ঘাটি অপাৰেচন সিন্দুৰৰ জৰিয়তে কিদৰে উৎখাত কৰা হ, সেই বিষয়েও জনায়। প্রতিনিধি দলটোৱে ভাৰতৰ সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতাক স্পষ্ট কৰি দি কয় যে সন্ত্রাস আৰু আলোচনা একেলগে আগুৱাই নাযায়, তেজ আৰু পানী একেলগে বৈ নাযায়। তেওঁলোকে ভাৰতৰ স্থিতিক জাপানৰ প্ৰতিটো কোণতে প্ৰচাৰ কৰিবলৈ প্ৰবাসী ভাৰতীয়সকলক আহ্বান জনায়।
বিজেপিৰ সাংসদ বৈজয়ন্ত পাণ্ডাৰ নেতৃত্বত আন এটা বহুদলীয় প্ৰতিনিধিৰ দল আজি বাহৰেইনত উপস্থিত হয়। দলটোৱে সকলোধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতাক দেশখনৰ নেতৃবৰ্গৰ সন্মুখত তুলি ধৰিব। এই মুখামুখিত প্রতিনিধিদলটোৱে সীমান্তৰ সিপাৰৰ পৰা চলি থকা সন্ত্রাসবাদ সম্পৰ্কত ভাৰতৰ অনমনীয় স্থিতিৰ সন্দৰ্ভতো দেশখনক অৱগত কৰাব সাংসদ পাণ্ডা আৰু অন্যান্যসকলক বিমান বন্দৰত বাহৰেইনত থকা ভাৰতৰ ৰাষ্ট্রদূত বিনোদ কে জেকবে আদৰণি জনায়। এই প্রতিনিধি দলটোত আছে বিদেশ সচিব হর্ষ বর্ধন শ্রিংলা, এ আই এম আই এমৰ সাংসদ আছাদুদ্দিন অৱেইছি, ৰাজ্যসভাৰ সাংসদ ৰেখা শৰ্মা, জম্মু-কাশ্মীৰৰ প্ৰাক্তন মন্ত্ৰী গুলাম নবী আজাদ, ৰাজ্যসভাৰ সাংসদ সৎনাম সিং সান্ধু, বিজেপিৰ সাংসদ ফাংগন কন্যাক আৰু বিজেপিৰ সাংসদ নিশিকান্ত ডুবে। এই প্রতিনিধি দলটোৱে ছৌদি আৰব, কুৱেইট আৰু আলজেৰিয়াও ভ্ৰমণ কৰিব।

 কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ নেতৃত্বৰ আন এটা উচ্চ পৰ্যায়ৰ বহুদলীয় প্রতিনিধি দল আজি নিচেই পুৱা দিল্লীৰ পৰা ৫ খন দেশৰ কূটনৈতিক ভ্ৰমণৰ উদ্দেশ্যে ৰাওনা হৈছে। প্ৰথম পৰ্যায়ত দলটো গায়ানালৈ যাব। তাৰ পাছত ক্ৰমে আমেৰিকা যুক্তৰাষ্ট্ৰ, পানামা, ব্রাজিল আৰু কলম্বিয়া ভ্ৰমণ কৰিব। দিল্লীৰ পৰা ৰাওনা হোৱাৰ পূৰ্বে শ্ৰী থাৰুৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতি প্ৰকাশ কৰা এটা ভিডিঅসামাজিক মাধ্যমত আপলোড কৰে। তেওঁ এই অভিযানক শান্তি আৰু আশাৰ অভিযান হিচাপে অভিহিত কৰে ৷