ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 7, 2025 11:19 AM | kanaklata university

printer

গহপুৰত কাইলৈ শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে কাইলৈ গহপুৰত শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি এই বিশ্ববিদ্যালয়ৰ নিৰ্মাণকাৰ্যত ব্যৱহাৰ হ’বলগীয়া অমৃত কলহ কঢ়িয়াই নিয়া বাহনৰ শুভাৰম্ভ কৰে। বিশ্ববিদ্যালয়খনৰ আধাৰশিলা স্থাপনৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সংৰক্ষণ কৰি ৰখা ২৭০টা অমৃত কলহ গহপুৰলৈ লৈ যোৱা হৈছে। উল্লেখযোগ্য যে ‘মোৰ মাটি, মোৰ দেশ” কাৰ্যসূচীৰ অংশ হিচাপে ২০২৩ বৰ্ষৰ ২০ ছেপ্তেম্বৰৰ পৰা ৰাজ্যত অমৃত কলহ যাত্ৰাৰ ৰূপায়ণ কৰি প্ৰতিখন গাঁও আৰু পৌৰ এলেকাৰ প্ৰতিটো ৱাৰ্ডৰ পৰা সংগ্ৰহ কৰা মাটি বা চাউল অমৃত কলহত সংগ্ৰহ কৰা হৈছিল। মুখ্যমন্ত্রী ড০ শর্মাই কয়, যে শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় ৰাজ্য চৰকাৰৰ এটা অন্যতম অভিলাষী প্রকল্প আৰু এই বিশ্ববিদ্যালয়খন প্রযুক্তি আধাৰিত বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত দেশৰ প্ৰথমখন বিশ্ববিদ্যালয় হ’ব। এই বিশ্ববিদ্যালয়খনক সকলো দিশতে আগশাৰীৰ এখন প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে পৰ্যাপ্ত পুঁজি আৱণ্টনৰ ব্যৱস্থা কৰিছে। ইয়াত কৃত্রিম বুদ্ধিমত্তা, ৰব’টিক ছায়েন্স, থ্রী ডি প্রিন্টিঙকে ধৰি কেইবাটাও নতুন নতুন বিষয় অন্তর্ভুক্ত কৰা হ’ব।