December 19, 2025 7:27 PM | PM Visit

printer

কাইলৈ প্রধানমন্ত্রীৰ গুৱাহাটী আগমনকলৈ যান বাহন আৰক্ষীৰ কেতবোৰ নীতি-নিৰ্দেশনা

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ কাইলৈ গুৱাহাটী আগমনৰ সময়ত যান-জট নিয়ন্ত্ৰণৰ বাবে গুৱাহাটীৰ যান বাহন আৰক্ষীৰ উপ-আৰক্ষী আয়ুক্তই এখন সংবাদমেল সম্বোধন কৰি সাধাৰণ লোকক কেইবাটাও পথ এৰি চলিবলৈ আহ্বান জনাইছে। উপ-আৰক্ষী আয়ুক্তগৰাকীয়ে বিশেষ পথ নির্দেশনা নাথাকিলেও, পানবজাৰ- ফাঁচীবজাৰ পথ, ৰিভাৰ ফ্ৰণ্টৰ পথ আৰু লখৰা, বৰাগাঁও অঞ্চলৰ পথসমূহ এৰাই চলিবলৈ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সময়ছোৱাত গুৱাহাটী মহানগৰীত গধূৰ বাহনৰ চলাচলত সম্পূৰ্ণৰূপে বাধা আৰোপ কৰা হৈছে। একে সময়তে যানবাহন আৰক্ষী বিষয়া গৰাকীয়ে বিমান যাত্রীসকলক কাইলৈৰ দিনটোত নির্দিষ্ট সময়তকৈ আগতে বিমান বন্দৰলৈ আহিবলৈ অনুৰোধ জনাইছে। বিমানবন্দৰৰ টার্মিনেল মুকলি অনুষ্ঠানৰ যান বাহনৰ নিয়ন্ত্ৰণৰ বাবে যান বাহন আৰক্ষীৰ বিষয়াগৰাকীয়ে গৰলৰ দিশৰ পৰা অহা বাহনসমূহ দ্বিতীয় ৰ’টাৰী পইণ্টত ৰখাবলৈ আৰু পুৰণি টার্মিনেলৰ দিশৰ পৰা অহা বাহনসমূহ এছ অ’ এছ ভিলেজত ৰখাবলৈ আহ্বান জনাইছে। লগতে আৰক্ষী বিষয়াগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি কাইলৈ প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানত ভাগ ল’বলৈ অহা লোকৰ কেৱল প্রবেশ পত্র থকা বাহনসমূহহে বিমানবন্দৰলৈ প্ৰৱেশৰ অনুমতি পাব। বিমানবন্দৰ মুকলিৰ পাছত প্রধানমন্ত্রীয়ে সম্বোধন কৰিবলগীয়া জনসভাত প্রায় ১ লাখ ২০ হাজাৰ লোকৰ সমাগমৰ সম্ভাৱনা আছে বুলি কৈ আৰক্ষী বিষয়াগৰাকীয়ে অনুষ্ঠানত অংশ লোৱা লোকক পানীৰ বটল, বেগ অনাত বাধা আৰোপ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।