কামৰূপ জিলাৰ ডিচেম্বৰ মাহৰ উন্নয়ন সমিতিৰ এখন বৈঠক আজি জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ সভাপতিত্বত অনুষ্ঠিত হয়। পূব গুৱাহাটী বন সংমণ্ডলৰ গড়ভাঙা বনাঞ্চলিক কাৰ্য্যালয়ৰ নাহৰপাম বনাঞ্চলত অনুষ্ঠিত এই বৈঠকত পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্রামীণ, অমৃত সৰোবৰ, মহাত্মা গান্ধী এনৰেগা, এ পি ডি চি এল আদিকে ধৰি বিভিন্ন বিভাগৰ অধীনত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লোৱা হয়। জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই আজিৰ বৈঠকতে বিভিন্ন বিভাগৰ জিলা পৰ্য্যায়ৰ মুৰব্বী বিষয়াসকলক তেওঁলোকৰ বিভাগৰ অধীনত চলি থকা বিভিন্ন উন্নয়নমূলক আঁচনি তথা প্ৰকল্পৰ কামসমূহ সময়মতে ৰূপায়ণ কৰিবলৈ সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক নির্দেশ দিয়ে।
Site Admin | December 19, 2025 7:24 PM | Kamrup
দেৱ কুমাৰ মিশ্ৰৰ সভাপতিত্বত কামৰূপ জিলাৰ ডিচেম্বৰ মাহৰ উন্নয়ন সমিতিৰ বৈঠক অনুষ্ঠিত