April 21, 2025 6:48 PM | Kamrup

printer

কামৰূপ জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত সজাগতা সভা

কামৰূপ জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত জিলাখনৰ কেইবাটাও অঞ্চলত আজি বানৰ সময়ত ল‘বলগীয়া সাৱধানতা, ব্যৱস্থা আদি সন্দৰ্ভত প্ৰশিক্ষণ আৰু সজাগতা সভাৰ আয়োজন কৰা হয়। জিলাখনৰ চমৰীয়া, গৰৈমাৰী, ৰঙিয়া আৰু পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাজহুৱা হাট বজাৰ আৰু বিদ্যালয়সমূহত এই উপলক্ষে এন ডি আৰ এফ, এছ ডি আৰ এফ, অগ্নিনির্বাপক বাহিনী আৰু বেচৰকাৰী সংস্থাসমূহে বানৰ সময়ত নিজৰ লগতে আনকো উদ্ধাৰ কৰা তথা প্ৰাথমিক চিকিৎসা প্রদান আদি বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰে। জিলাখনৰ বানাক্ৰান্ত অঞ্চলসমূহত ৰূপায়ণ কৰা এনে প্ৰশিক্ষণ আৰু সজাগতা সভাৰ জৰিয়তে জনসাধাৰণ উপকৃত হ‘ব বুলি জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰকল্প বিষয়া ৰাজীৱ দত্ত চৌধুৰীয়ে আশা প্ৰকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।