ডাউনলোড
মোবাইল এপ

android apple
signal

April 9, 2025 8:02 PM | Kamrup metro

printer

সকলো চৰকাৰী আৰু প্ৰাদেশিকীকৃত শিক্ষানুষ্ঠানৰ মুৰববীলৈ দীপিকা চৌধুৰীৰ কেতবোৰ নীতি-নিৰ্দেশনা জাৰি

কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে সকলো চৰকাৰী আৰু প্ৰাদেশিকীকৃত শিক্ষানুষ্ঠানৰ মুৰববীলৈ কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি সকলো শিক্ষকে পুৱা ৯ বজাৰ পূৰ্বে বিদ্যালয়ত উপস্থিত হ’ব লাগিব আৰু নিৰ্ধাৰিত সময়তহে বিদ্যালয় ত্যাগ কৰিব পাৰিব । বিদ্যালয়ত প্ৰৱেশ আৰু প্ৰস্থানৰ সময় শিক্ষা সেতু এপত প্ৰতিফলিত হ’ব লাগিব। কোনো এগৰাকী শিক্ষকে একেৰাহে তিনি দিন বিদ্যালয়ত পলমকৈ উপস্থিত হ’লে তেওঁৰ এদিনৰ নৈমত্তিক ছুটী কৰ্তন হ’ব। নির্দেশনা অনুসৰি সকলো প্ৰাথমিক বিদ্যালয় দিনৰ ২ বাজি ৫ মিনিট তথা মধ্য ইংৰাজী বিদ্যালয়, উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় বিয়লি ৩ বাজি ২৫ মিনিট পর্যন্ত খোলা ৰাখিব লাগিব। অনা শিক্ষক-কর্মচাৰীসকল পুৱা ১০ বজাৰ পূৰ্বে বিদ্যালয়ত উপস্থিত লাগিব আৰু বিয়লি চাৰে চাৰি বজালৈকে বিদ্যালয়ত উপস্থিত থাকিব লাগিব। স্নাতকোত্তৰ শিক্ষকসকলে হাইস্কুল শাখাতো পাঠদান কৰিব লাগিব বুলি নিৰ্দেশটোত স্পষ্ট কৰি দিয়া হৈছে। নেটৱৰ্কৰ বিজুতিৰ বাবে শিক্ষা সেতু এপত সমস্যাৰ সৃষ্টি হ’লে জিঅ’ টেগ ফটো হোৱাটছএপত পঠিয়াব লাগিব বুলি নির্দেশনাটোত উল্লেখ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক