ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 6, 2025 5:59 PM | Kamrup

printer

কামৰূপ জিলা পৰিবহন বিভাগৰ অধীনৰ বাণিজ্যিক বাহনৰ গৰাকীলৈ জিলা পৰিবহন বিভাগৰ জাননী প্ৰেৰণ

কামৰূপ জিলা পৰিবহন বিভাগৰ অধীনৰ কৰ নিদিয়া বাণিজ্যিক বাহনসমূহৰ গৰাকীলৈ জিলা পৰিবহন বিভাগে ৩১ মাৰ্চৰ পূৰ্বে কৰ জমা দিবলৈ জাননী প্ৰেৰণ কৰিছে। বিগত এসপ্তাহ ধৰি বিভাগটোৰ বিষয়া- কৰ্মচাৰীসকলে কামৰূপ জিলাৰ বিভিন্ন অঞ্চলত ঘৰে ঘৰে গৈ জাননী দিয়াৰ লগতে নিৰ্দিষ্ট সময়ৰ ভিতৰত কৰ জমা দিবলৈ আহ্বান জনাইছে। ইয়াৰ অন্যথা বিহিত ব্যৱস্থা গ্ৰহণ কৰা হব বুলি জিলা পৰিবহন বিষয়াই সাংবাদিকৰ আগত প্ৰকাশ কৰিছে। কামৰূপ জিলা পৰিবহন বিভাগে ২০২৪-২৫ বৰ্ষৰ ফেব্ৰুৱাৰী মাহলৈকে মুঠ ৫৪ কোটি ৪০ লাখ ৮৬ হাজাৰ ৮৪৫ টকাৰ কৰ সংগ্ৰহ কৰিছে আৰু বৰ্তমানেও ১০ হাজাৰৰো অধিক লঘু আৰু গধুৰ বাণিজ্যিক বাহনে এতিয়াও কৰ দিবলৈ বাকী আছে বুলি বিভাগে প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।