ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 31, 2025 8:12 PM | kalaguru

printer

১১৭ সংখ্যক জন্মবার্ষিকীত কলাগুৰুক শ্ৰদ্ধাৰে সোঁৱৰণ ৰাজ্যবাসীৰ

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ১১৭ সংখ্যক জন্মবার্ষিকী উপলক্ষে আজি ৰাজ্যবাসীয়ে তেঁওক শ্ৰদ্ধাৰে সোঁৱৰিছে। ওৰেটো জীৱন মাটি-মানুহ তথা দেশৰ বাবে অমূল্য অৱদান আগবঢ়াই যোৱা গীতিকাৰ, সুৰকাৰ, চিত্রশিল্পী তথা স্বাধীনতা সংগ্ৰামী ৰাভাদেৱৰ জীৱন আদর্শই অসমবাসীক সদায় অনুপ্ৰাণিত কৰি আহিছে। শিল্পীগৰাকীৰ স্মৃতিত আজি তেজপুৰৰ তলগেৰেকীত থকা তেওঁৰ সমাধিস্থলত এটি বিশেষ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। কলাগুৰুৰ জ্যেষ্ঠ পুত্র তথা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই বন্তি প্ৰজলনেৰে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনায়। অনুষ্ঠানত কেইবাগৰাকীও শিল্পীয়ে ৰাভাসংগীত আৰু নৃত্য পৰিবেশন কৰে। তেজপুৰত থকা কলাগুৰুৰ বাসগৃহতো আজি কলাগুৰু স্মৃতি ন্যাসৰ উদ্যোগত গীতে-মাতে শ্রদ্ধাঞ্জলি শীর্ষক অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানতে তেজপুৰৰ প্ৰবীন কণ্ঠশিল্পী ৰুবী সিংহক বিশেষভাৱে সন্মান জনোৱা হয়। তেজপুৰ সাহিত্য সভা, কলাগুৰু প্ৰগতি সন্থা, বান থিয়েটাৰ, জ্যোতি ভাৰতী, ত্ৰিমুৰ্তি উদ্যান আদিতো শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।